গণবাৰ্তা বিশেষ, যোৰহাট, ৩১ মে’ : কভিডৰ সংহাৰী ৰূপত সমগ্ৰ বিশ্বতে নিয়তিয়ে কাঢ়ি নিছে লক্ষ্যাধিক লোকক| নিয়তিৰ ওচৰত কালি নিশা হাৰ মানিলে যোৰহাটৰ এজন মেধাৱী ছাত্ৰই| ভৱিষ্যতৰ এজন বিজ্ঞানী যোৰহাট পকামুৰা বৰশইকীয়া গাঁওৰ ৰমনীকান্ত বৰা আৰু পূণ প্ৰভা বৰাৰ একমাত্ৰ পু্ত্ৰ সন্তান পংকজলোচন বৰা(৩২)ৰ দেওবাৰে নিশা ১১ বজাত পোষ্ট কভিডত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি হয়। জাৰ্মানী আৰু চেক ৰিপাব্লিকৰ দুটা প্ৰখ্যাত প্ৰতিষ্ঠানত যৌথভাৱে ৰসায়ন বিজ্ঞান বিভাগত পি-এইচ.ডিৰ বাবে গৱেষণা কৰি শেষ পৰ্যায়ত উপনীত হোৱা গৱেষক ছাত্ৰ জনক কোভিড-১৯ অাক্ৰান্ত হৈছিল। পশ্চিম যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহন কৰি জগন্নাথ বৰুৱা মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়; বেঙ্গালুৰুৰ গৱেষণা কেন্দ্ৰৰপৰা জাৰ্মানী আৰু চেক ৰিপাব্লিকৰ প্ৰখ্যাত প্ৰতিষ্ঠানত গৱেষণা কৰালৈকে সমগ্ৰ পৰিক্ৰমাত তেওঁ মেধা, বুদ্ধিমত্তা তথা বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প’ষ্ট ডক্টৰেটৰ বাবে আগ্ৰহী গৱেষক ছাত্ৰ জনে কেইবাটাও উচ্চমানৰ গৱেষণা প্ৰতিষ্ঠানৰ লগত যোগাযোগ অব্যাহত ৰাখিছিল। সম্প্ৰতি অষ্ট্ৰিয়াৰ ভিয়েনাত কৰ্মৰত গৱেষকজন কেইমাহমান পূৰ্বে স্বগৃহলৈ আহিছিল। সাম্প্ৰতিক কভিড-১৯ৰ দ্বিতীয় ঢৌৰ জটিল পৰিস্থিতিৰ বাবে তেওঁ যথাসময়ত কৰ্মস্থলীলৈ ঘূৰি যাব নোৱাৰিছিল। এইবাৰ স্বগৃহৰপৰা উভতি গৈয়ে তেওঁ পি-এইচ.ডিৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ কথা আছিল। সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পাছতে তেওঁ লাভ কৰিলেহেঁতেন সন্মানীয় ডক্টৰেট ডিগ্ৰী। সাৰ্থক হ’লহেঁতেন তেওঁৰ অতদিনৰ শ্ৰম আৰু সমাজে লাভ কৰিলেহেঁতেন তেওঁৰ গৱেষণাৰ ফল। উল্লেখযোগ্য যে সম্প্ৰতি তেওঁ কেঞ্চাৰ ৰোগৰ প্ৰতিষেধকৰ ওপৰত গৱেষনা কৰি আছিল। অনাগত দিনত অসম তথা ভাৰতে লাভ কৰিলেহেঁতেন এজন সুদক্ষ ৰসায়ন বিজ্ঞানী। অত্যন্ত মেধাৱী, বিচক্ষণ, ভদ্ৰ, অমায়িক, মিতভাষী, হাস্যমুখী, ধৈৰ্যশীল যুৱকজনক অকাল বিয়োগত শোকত ভাগি পৰিছে জন্মস্থানৰ লগতে সমগ্ৰ যোৰহাটবাসী।