Home স্থানীয় কাজিৰঙা জলমগ্ন, দুষ্কৃতিকাৰীয়ে নিধন কৰিছে দুষ্প্ৰাপ্য দল হৰিণ, বন্য প্ৰাণীৰ সুৰক্ষাৰ প্ৰতি...

কাজিৰঙা জলমগ্ন, দুষ্কৃতিকাৰীয়ে নিধন কৰিছে দুষ্প্ৰাপ্য দল হৰিণ, বন্য প্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গধুৰ যান-বাহনৰ চলাচল বন্ধ

544
0


গণ বাৰ্তা, বোকাখাত, ১ ছেপ্তেম্বৰ : ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীতþ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভ জলমগ্ন হোৱাত দিশহাৰা হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড়, হাতী, পহু আদি বন্য প্ৰাণী। প্ৰতি বছৰ বাৰিষা কালত বানপানী হয় যদিও এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনত আগষ্ট মাহৰ শেষলৈকে বানপানী নোহোৱাত উদ্যান কৰ্তৃপক্ষ চিন্তিত হৈ পৰিছল যদিও বন্য প্ৰাণীৰ সুৰক্ষাৰ প্ৰতি পলমকৈ হ’লেও ব্ৰহ্মপুত্ৰৰ পানীয়ে বানৰ সৃষ্টি কৰাত ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা বিলবোৰত জমা হৈ থকা মেটেকা, অপতৃণ তথা আৱৰ্জনাবোৰ পৰিষ্কাৰ হৈ পৰিছে। বিপৰীতে ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড়, হাতী, পছ, ম’হ আদি বন্য প্ৰাণীবোৰৰ লগতে বনকৰ্মীৰো সমস্যাৰ সৃষ্টি হৈছে। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত ২২৩টা বন শিবিৰৰ ভিতৰত ১২৫টা বন শিবিৰৰ তলত পানী সোমাইছে। বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে, কঁহৰা বনাঞ্চলৰ অধীনত ৩১টা, অগৰাতলীত ৩২টা, বাগৰিত ২৮টা, বুঢ়াপাহাৰত ৯টা আৰু বোকাখাত বনাঞ্চলৰ অধীনত ৫টা বন শিবিৰৰ তলত পানী সোমাইছে। ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত নগাঁও বন সংমণ্ডলৰ অধীনত লাওখোৱা-বুঢ়াচাপৰি বন্য প্ৰাণী অভয়াৰণ্যৰ ১৪টা আৰু বিশ্বনাথ বন সংমণ্ডলৰ অধীনত ৬টা বন শিবিৰৰ তলেদি পানী বৈ আছে। ইয়াৰে বিশ্বনাথ বন সংমণ্ডলৰ অধীনত এটা বন শিবিৰ বানপানীত ডুব যোৱাত নিৰাপদ ঠাইলৈ স্থানান্তৰিত কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ বৰ্তমান ৭০ শতাংশ অঞ্চল জলমগ্ন হৈ পৰাত ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড়, হাতী, পহু আদি বন্য প্ৰাণীয়ে ওখ ঠাই বিচাৰি যেনি-তেনি ঢাপলি মেলিছে । তাৰে কিছু বন্য প্ৰাণীয়ে বন বিভাগে নিৰ্মাণ কৰা হাইলেণ্ডত আশ্ৰয় লোৱাৰ বিপৰীতে কিছু বন্য প্ৰাণীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে বুলি বনকৰ্মীৰ পৰা জানিবলৈ পৰা গৈছে। পৰিতাপৰ কথা যে ৰাষ্ট্ৰীয় উদ্যানখন জলমগ্ন হৈ পৰাত বন্য প্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতে এতিয়ালৈকে চাৰিটা বন্য প্ৰাণীৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে কালি নিশাও বানপানীৰ পৰা প্ৰাণ ৰক্ষা আৰু খাদ্যৰ তাড়নাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰবেগী গাড়ীৰ খুন্দাত ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ অধীনত হালধিবাৰী এনিমেল ক’ৰিডৰত এটা পৰ মৃত্যু হয়। ইফালে, বানপানীত দিক্‌বিদিক হেৰুৱাই বন্যপ্ৰাণীবোৰে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া গাঁৱলৈ আশ্ৰয় বিচাৰি অহাত জীৱশ্ৰেষ্ঠ মানুহৰ আক্ৰমণৰ বলি হৈছে। জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ অধীনত ১নং শিলডুবি গাঁৱত অৰ্থাৎ মিহিমুখত আজি পুৱা পানীত এটা দুষ্প্ৰাপ্য দল হৰিণৰ মৃতদেহ স্থানীয় যুৱকে দেখা পাই বন বিভাগক অৱগত কৰে। বানত উটি অহা এই দুষ্প্ৰাপ্য মাইকী দল হৰিণাটোক কোনো দুষ্কৃতিকাৰীয়ে শেল মাৰি নিধন কৰিছিল বুলি পশু চিকিৎসকে মৰোণোত্তৰ পৰীক্ষা কৰি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্য প্ৰাণীৰ সুৰক্ষাৰ কথা চিন্তা কৰি কালিৰ পৰা যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ টাইম কাৰ্ড দিয়া আৰম্ভ কৰিছিল যদিও চালকে আইন অমান্য কৰি তীব্ৰ বেগত যান-বাহন চলোৱাত বন্যপ্ৰাণীৰ মৃত্যু হৈ আছে। গতিকে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে দেওবাৰৰ সন্ধিয়াৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে আৰক্ষীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাত অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰিছে। বিভাগীয় সূত্ৰে জানিব পৰা মতে, উজনিমুৱা গধুৰ যান-বাহনবোৰ কলিয়াবৰ হৈ আৰু নামনিমুৱা যান-বাহনবোৰ আৰক্ষীয়ে ডিব্ৰুগড়-লখিমপুৰ হৈ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি থকা ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱাৰ ব্যৱস্থা কৰিছে। এতিয়া কেৱল লঘু যান-বাহনবোৰহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰিবলৈ অনুমতি দিছে। ফলত দেওবাৰৰ নিশাৰ পৰা কাজিৰঙাৰ পথত বিশেষকৈ গধুৰ যান-বাহনৰ চলাচল হ্ৰাস পোৱা দেখা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here