Home স্বাস্থ্য ৰূপহীহাটত জুৱাৰ ঘাটি উৎখাত কৰিবলৈ যোৱা আৰক্ষীৰ দলক আক্ৰমণ

ৰূপহীহাটত জুৱাৰ ঘাটি উৎখাত কৰিবলৈ যোৱা আৰক্ষীৰ দলক আক্ৰমণ

149
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১১ জানুৱাৰী:নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰপেটাত কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে, নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ টীমে এটা জুৱাৰ ঘাটি উৎখাত কৰিবলৈ যাওঁতে দুৰ্বৃত্তৰ দল এটাই জাঠি-জোং লৈ আৰক্ষীৰ দলটোক আক্ৰমণৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ দুৰ্বৃত্তৰ দলটোৱে আৰক্ষীৰ এ এছ-১২ পি-২৩৩২ নম্বৰৰ বলেৰ’ বাহনখনৰ বিস্তৰ ক্ষতি কৰে৷ ফলত আৰক্ষীয়ে শূন্যলৈ কে’বাজাঁই গুলী কৰিবলগীয়া হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ছজনকৈ দুৰ্বৃত্তক আটক কৰিছে৷ আটকাধীন দুৰ্বৃত্তকেইজন হৈছে হাছমত আলী, খাইৰুল ইছলাম, মোজাক্কিৰ আলম, হীৰা গোৱালা, কুলদীপ মুণ্ডা আৰু মফিদুল ইছলাম৷ ইয়াৰে তিনিজন স্থানীয় লোক হোৱাৰ বিপৰীতে এজন জুৰীয়াৰ, এজন বিশ্বনাথৰ আৰু এজন বোকাখাটৰ হাতীখুলী টি ইষ্টেটৰ নিৱাসী বুলি আৰক্ষী সুত্ৰে জনা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here