Home Main Stories চৰ চাপৰি সাহিত্যমঞ্চ গঠন; খবিৰ আহমেদ সভাপতি, ৰফিকুল ইছলাম

চৰ চাপৰি সাহিত্যমঞ্চ গঠন; খবিৰ আহমেদ সভাপতি, ৰফিকুল ইছলাম

675
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ জুলাই : চৰ-চাপৰি অঞ্চলৰ সাহিত্য-সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যে আজি জন্ম লাভ কৰে এক অৰাজনৈতিক সংগঠন ‘চৰ-চাপৰি সাহিত্য মঞ্চ’। বিশিষ্ট লেখক এম আব্দুল মজিদৰ সভাপতিত্বত এনইএফ কলেজত আজি আয়োজিত এক সভাত চৰ-চাপৰি অঞ্চলৰ বুদ্ধিজীৱীসকলে একত্ৰিত হৈ সাহিত্য-সংস্কৃতি সুৰক্ষা আৰু অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ বাবে অনুষ্ঠিত সভাত চৰ-চাপৰি সাহিত্য মঞ্চ নামেৰে এখন তদৰ্থ সমিতি গঠন কৰা হয়। সেই অনুসৰি বিশিষ্ট শিক্ষাবিদ, লেখক, কবি খবিৰ আহমেদক সভাপতি, এ এইচ খন্দকাৰ, নাজিৰ হুছেইন সৰকাৰ, গিৰেন গোপ, অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আব্দুল কুদ্দুচক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰে। আনহাতে ৰফিকুল হাচানক সাধাৰণ সম্পাদক, গুলাম শ্বহীদ চাৰোৱাৰ মণ্ডলক সহকাৰী সম্পাদক আৰু অধ্যাপক ড০ চুৰমান আলী, ডাঃ আব্দুল কুদ্দুচ শিকদাৰ, অধ্যাপক আদম আলী আৰু সাংসদ আব্দুল খালেকক কাৰ্যকৰী সদস্য হিচাপে নিৰ্বাচিত কৰে আজিৰ সভাই। আনহাতে সভাই চৰ পৰিষদৰ সভাপতি ড০ আব্দুল ৱাহাব আৰু কাৰ্যকৰী সভাপতি গাজি ৰহমানক উপদেষ্টা হিচাপে নিৰ্বাচিত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here