Home স্থানীয় খাৰুপেটীয়াত দৰং জিলা চৰ চাপৰি সাহিত্য মঞ্চ গঠনাৰ্থে অনুষ্ঠিত সাধাৰণ সভাত,...

খাৰুপেটীয়াত দৰং জিলা চৰ চাপৰি সাহিত্য মঞ্চ গঠনাৰ্থে অনুষ্ঠিত সাধাৰণ সভাত, গন অধিকাৰৰ মুখ্য সম্পাদক খবিৰ আহমেদ

205
0

গন বাৰ্তা, খাৰুপেটীয়া, ২৯ মাৰ্চ: পিচ পৰা নিষ্পেষিত লাঞ্চিত বঞ্চিত জনগোষ্ঠীৰ হকে কাম কৰিব লাগিব, লগতে আমি আমাৰ বিভিন্ন সমস্যাৰ দাবীসমূহ উত্থাপন কৰি আমাৰ প্ৰাপ্য অধিকাৰ সমূহ আদায় কৰি অসমীয়া জাতি গঠনত প্ৰক্ৰিয়াত সকলো জাতি জনগোষ্ঠীয়েই একেলগে আগুৱাই যাব লাগিব কয় গন অধিকাৰৰ মুখ্য সম্পাদক খবিৰ আহমেদ। উল্লেখ্য যে, আজি  দৰং জিলাৰ খাৰুপেটীয়াত দৰং জিলা চৰ চাপৰি সাহিত্য মঞ্চ গঠনাৰ্থে খাৰুপেটীয়াৰ ছালেহা মেমৰিয়াল কলেজত আয়োজিত সাধাৰণ সভাত অসমৰ এখন আগশাৰীৰ প্ৰতিষ্ঠিত দৈনিক গন অধিকাৰ কাকতৰ মুখ্য সম্পাদক তথা অসমত নতুনকৈ জন্ম হোৱা  অসম চৰ চাপৰি সাহিত্য মঞ্চৰ  সভাপতি খবিৰ আহমেদে সভাত উপস্থিত ৰাইজৰ আগত এই  গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। উক্ত সভাত প্ৰাপ্ত-অৱসৰ শিক্ষক মুক্তাৰুল ইছলামৰ সভাপতিত্বত আয়োজিত আৰু চৰ চাপৰি সাহিত্য মঞ্চৰ উপ সভাপতি তথা অধ্যাপক নাজিৰ হুছেইনে উদ্দেশ্য বাখ্য কৰা সভাখনত মুখ্য অতিথিৰ হিচাপে ভাষনত ৰাখে গন অধিকাৰৰ মুখ্য সম্পাদক খবিৰ আহমেদে ভাষনত কয় যে, সাহিত্য সভাৰ মুল উদ্দেশ্য বহুতেই বহুধৰণৰ কয়, যদিও বহুজনৰ হিতসাধন, মংগলসাধন, সুখসাধন কৰাই সাহিত্যৰ মুল উদ্দেশ্য।  যাৰ বাবে অসম চৰ চাপৰি সাহিত্য মঞ্চৰ  ল’গ হৈছে ” কল্যাণকামী সাহিত্যৰ হকে উচৰ্গিত। সভাত তেখেতে, নিষ্পেষিত, উপেক্ষিত শোষিত সকলৰ উন্নয়নৰ হকে মাত নমতা  অসমৰ ইমানবোৰ সংবাদ গোষ্ঠীৰ দায়বদ্ধতাৰ প্ৰতিও ক্ষোভ প্ৰকাশ কৰি কয় যে, বিদেশী সমস্যা একাংশ সংবাদ মাধ্যমৰ সৃষ্টি। আনহাতে, আজি দৰং জিলা চৰ চাপৰি সাহিত্য মঞ্চ গঠনৰ পিচত সাংবাদিকৰ আগত কয় যে, অসমীয়া জাতি গঠনৰ হকে একাংশ লোকৰ হকে প্ৰতিষ্ঠিত সাহিত্য সংগঠন সমূহে মাত নামাতে যাৰ কাৰণেও অসম চৰ চাপৰি সাহিত্য মঞ্চ জন্ম হৈছে আৰু আজি দৰং জিলা সমিতিখন গঠন কৰা হৈছে। ইয়াৰ পুৰ্বে সভাখনত সভাখনত বিশিষ্ট অতিথি হিচাপে চৰ চাপৰি সাহিত্য মঞ্চৰ ৰাজ্যিক উপ সভাপতি তথা অবসৰী এ চি এছ বিষয়া ইমৰান হুছেইন খন্দকাৰ, উপ সভাপতি তথা খাৰূপেটীয়া মহাবিদ্যালয় অধ্যাপক নাজিৰ হুছেইন সৰকাৰ, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফা, অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্টা আইনুদ্দিন আহমেদ, বৰপেটাৰ শংকৰ মাধৱ মহাবিদ্যালয় প্ৰবক্তা ছামেজুদ্দিন আহমেদৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ সাহিত্যিক তথা বুদ্ধিজীবী উপস্থিত থাকি অসমৰ সৰ্বাংগীন উন্নয়নৰ লগতে বিশেষকৈ চৰ চাপৰিৰ  সকলো জাতি-জনগোষ্ঠীৰ সমস্যাৰাজি সমাধান আৰু উন্নয়নৰ হকে  বক্তব্য প্ৰদান কৰে। সভাত মুক্তাৰুল ইছলামক সভাপতি, সুৰ্য্য উজলা ভানুক উপ সভানেত্ৰী , সাহিত্যিক নুৰুল ইছলামক সাধাৰণ সম্পাদক, অধ্যাপক জাকিৰ হুছেইন, শিক্ষক নছিমুদ্দিনক সম্পাদক, বাবুল হাজৰিকাক  সাংগঠনিক সম্পাদক, ইমদাদূল ইছলাম আৰু আনোৱাৰ হুছেইনক প্ৰচাৰ সম্পাদক হিচাপে লৈ এখনি তদৰ্থ সমিতি গঠন কৰা হয়। সভাত বৰপেটাৰ পল্লবী পাঠককে আদি কৰি  কেবাজনো জেষ্ঠ কণিষ্ঠ লিখক সাহিত্যিকে স্বৰচিত কবিতা পাঠ কৰি উপস্থিত সকলোকে আপ্লত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here