Home স্থানীয় হাউলী পৌৰসভা প্ৰথমবাৰলৈ বিজেপিৰ দখললৈ, বিজেপি দলৰ পৰা এগৰাকী মুছলমান প্ৰাৰ্থী খাইৰুল...

হাউলী পৌৰসভা প্ৰথমবাৰলৈ বিজেপিৰ দখললৈ, বিজেপি দলৰ পৰা এগৰাকী মুছলমান প্ৰাৰ্থী খাইৰুল আলম নিৰ্বাচিত

223
0


দিদাৰ হুছেইন, হাউলী,৯ মাৰ্চ ঃ সমগ্ৰ ৰাজ্যখনৰ লগতে হাউলীতো ৬ মাৰ্চত অনুষ্ঠিত হৈ যোৱা হাউলী পৌৰসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰে৷ ফলাফল অনুসৰি দহটা ৱাৰ্ডৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিজেপি দলে ৬খন আসন দখল কৰি হাউলী পৌৰসভাখন দখল কৰিবলৈ গৈ আছে৷ ইয়াৰে অগপ দলে ৰ, কংগ্ৰছে ৰ আৰু দুখন আসনত নিৰ্দলীয়ই জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে হাউলীৰ ৰনং ৱাৰ্ডৰ পৰা বিজেপি দলৰ খাইৰুল আলম, ২নং ৱাৰ্ডত বিজেপিৰ অঞ্জলি দাস চৌধুৰী, ৩নং ৱাৰ্ডত বিজেপিৰ ববিতা তালুকদাৰ, চ্ছ্ৰনং ৱাৰ্ডত বিজেপিৰ নিদ্ৰা কৰ্মকাৰ, প্তনং ৱাৰ্ডত অগপ দলৰ নৱ কুমাৰ দাস, ৬নং ৱাৰ্ডত বিজেপিৰ সঞ্জয় কুমাৰ ঘোষ,জ্জনং ৱাৰ্ডত বিজেপিৰ লুনা দাস, জ্জ্বনং ৱাৰ্ডত নিৰ্দলীয় লুতফা হানুন, জ্ঝনং ৱাৰ্ডত কংগ্ৰেছৰ বিনয় ঘোষ আৰু ১০নং ৱাৰ্ডত নিৰ্দলীয় শ্বৰিফুল ইছলাম নিৰ্বাচিত হৈছে৷ উল্লেখ্য যে বিগত কুৰি বছৰ ধৰি হাউলী নগৰ সমিতিখন কংগ্ৰেছৰ দখলত আছিল এইবেলি প্ৰথমবাৰৰ বাবে বিজেপি দলে হাউলী পৌৰসভা দখল কৰাৰ পূৰ্ণ সম্ভৱনা প্ৰকট হৈ পৰিছে ৷ ইপিনে, একমাত্ৰ সংখ্যালঘু মুছলমান অধ্যুষিত ৰনং ৱাৰ্ডৰ পৰা বিজেপি দলৰ খাইৰুল আলমে কংগ্ৰেছ দলৰ প্ৰাৰ্থী আচিফ ইকবালক ৪৩৯টা ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হৈছে৷ মুঠতে পৌৰসভাখনৰ বিজেপি দলৰ সকলো প্ৰাৰ্থীতকৈ আলমে সৰ্বাধিক ভোটত নিৰ্বাচিত হোৱাত হাউলী পৌৰসভা এলেকাত বিশেষভাৱে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে৷ ৱাৰ্ডটোত বিজেপি প্ৰাৰ্থী আলমে ৮২৪টা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আচিফে ৩৮৫টা ভোট লাভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here