Home অসম গোভা ট্ৰাইবেল বেল্ট ব্লক ভংগৰ ষড়যন্ত্ৰৰ বিৰোধিতাৰে জাগীৰোডত বিশাল গন অভিৱৰ্তন...

গোভা ট্ৰাইবেল বেল্ট ব্লক ভংগৰ ষড়যন্ত্ৰৰ বিৰোধিতাৰে জাগীৰোডত বিশাল গন অভিৱৰ্তন : টাউন কমিটি গঠন কৰি খিলঞ্জীয়াৰ অধিকাৰক বিপদাপন্নৰ অভিযোগ জনজাতীয় সংগঠনৰ

440
0


গণ বাৰ্তা, জাগীৰোড, ৬ ছেপ্তেম্বৰ : গোভা ট্ৰাইবেল ব্লক ভংগ কৰি জাগীৰোড টাউন কমিটী গঠন কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত জনজাতি আৰু খিলঞ্জীয়া সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত জাগীৰোডত বিশাল গণ অভিৱৰ্তন কাৰ্যসূচী। সম্প্ৰতি ট্ৰাইবেল ব্লক ভংগ কৰি খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতিসকলক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ জনজাতীয় সংগঠনসমূহৰ। ট্ৰাইবেল বেল্ট ভংগ কৰিলে জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব হোৱাৰ লগতে অস্তিত্বৰ সংকট নামি আহিব। সেয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে অতিশীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰি গোভা ট্ৰাইবেল ব্লকত বসবাস কৰা জনজাতীয় লোকসকলৰ লগতে তিৱাসকলক সুৰক্ষা প্ৰদান কৰাৰ দাবী জনায়। আনহাতে, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ সুৰক্ষিত কৰি তিৱা স্বায়ত্ত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ লগতে ভূমি স্বত্ব অধিকাৰ প্ৰদানৰো দাবী জনায়। তিৱা লোকনৃত্য গুৰু নাদিৰাম দেউৰীৰ সভাপতিত্ব অনুষ্ঠিত অভিৱৰ্তনত ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে কয় যে পঞ্চায়তৰ জৰিয়তে উন্নয়ন সাধন কৰক, টাউন কমিটীৰ জৰিয়তে কোনো উন্নয়ন সাধন নহয়, গতিকে চৰকাৰে টাউন কমিটী গঠন নকৰি ট্ৰাইবেল ব্লক যাতে ৰক্ষা কৰে। ইফালে, জনজাতিসকলৰ মৰ্যাদা আৰু ন্যায়ৰ ক্ষেত্ৰত প্ৰতিখন চৰকাৰে উদাসীন মনোভাব দৰ্শাই আহিছে বুলি মন্তব্য কৰে  সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক আমচেã। বিশাল গণ অভিৱৰ্তনত সকলো জনজাতীয় সংগঠনৰ নেতৃত্বই ট্ৰাইবেল বেল্ট ব্লক সুৰক্ষা প্ৰদান কৰি ভূমিপুত্ৰসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰ পৰা চৰকাৰক বিৰত থাকিবলৈ একমুখে দাবী জনায়। জাগীৰোড টাউন কমিটী গঠনৰ বিৰোধিতাৰে অনুষ্ঠিত বিশাল অভিৱৰ্তনত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্তা, সদৌ অসম হাজং ছাত্ৰ সন্থাৰ নেতা সঞ্জীৱ হাজং, সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদেশ্বৰ মিথি, ট্ৰাইবেল য়ুথ লীগৰ সভাপতি ৰিমল আমচি, তিৱা সাংস্কৃতিক সমাজৰ সভাপতি ফুকন কাৰ্খ, ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক হিতেশ ৰাভা,  তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ পাটৰ, টিএমপিকেৰ সাংগঠনিক সম্পাদক দ্বিগি্বজয় দলে, গুৱাহাটী নগৰ সমিতিৰ সম্পাদক চিৰঞ্জীৱ পাটৰ, নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতা জোনাক উজীৰ, দীনেশ ব্ৰহ্ম, গণেশ বসুমতাৰী, দিব্যজ্যোতি খাকলাৰীৰ, সুভেন বৰদলৈ,  জনাৰ্দন পাটৰ আদিৰ লগতে ভালেসংখ্যক জনজাতীয় নেতা উপস্থিত থাকে। যদি ট্ৰাইবেল ব্লক ভংগৰ ষড়যন্ত্ৰৰ পৰা চৰকাৰ বিৰত নাথাকে তেন্তে আগন্তুক দিনত জংগী ৰূপ দিবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিয়ে জনজাতীয় সংগঠনসমূহে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here