লছ এঞ্জেলিছ, ২৮ মাৰ্চ : এবছৰৰ পিছত পুনৰ এবাৰ ৰেড কাৰ্পেটত দেখা পোৱা গ’ল বিশ্বৰ অভিনেতা-অভিনেত্ৰী, পৰিচালক, ছবিৰ কলা-কুশলীক। লছ এঞ্জেলিছৰ ড’লবী থিয়েটাৰ হলত দেওবাৰে নিশা অনুষ্ঠিত হয় ৯৪তম অস্কাৰ বঁটা বিতৰণ অনুষ্ঠান। সুদীৰ্ঘ এটা বছৰৰ পিছত উলহ-মালহেৰে লছ এঞ্জেলিছত আয়োজন হয় অস্কাৰ বিতৰণ অনুষ্ঠান। য’ত বিশ্বৰ চলচিত্ৰ জগতৰ কলা-কুশলীসকলে নিজকে আটকধুনীয়াকৈ সজাই ৰেড কাৰ্পেটত খোজ পেলায়। বিগত বৰ্ষত ক’ভিড মহামাৰীৰ বাবে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন হোৱা নাছিল। কিন্তু এইবাৰ ড’লবী থিয়েটাৰ হলত পুনৰাই অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন হয়। এই বঁটা প্ৰদান অনুষ্ঠানত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ছবিৰূপে জিলিকি উঠে ‘কোডা’। ২০২১ত মুক্তি পোৱা ১ঘণ্টা ৫১মিনিট দৈৰ্ঘ্যৰ ছবিখনে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ বঁটা লাভ কৰে। লগতে ছবিখনে আন কেইবাটাও অস্কাৰ লাভ কৰে। শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা অস্কাৰ জয়ী ‘কোডা’ ছবিখনত অভিনয় কৰা ট্ৰয় ক’টছুৰে লাভ কৰে। একেদৰে শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ অস্কাৰ কোডা ছবিখনে লাভ কৰে। আনহাতে, এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰৰ বঁটা লাভ কৰে ‘কিং ৰিচাৰ্ড’ ছবিৰ অভিনেতা উইল স্মিথে। আনহাতে, শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ লাভ কৰে ‘দ্য আইচ অৱ টাম্মী ফেই জেছিকা ছাষ্টেইন’-এ লাভ কৰে। শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ অস্কাৰ লাভ কৰে ৱেষ্ট ছাইড ষ্ট’ৰীৰ আৰিয়ানা ডিব’ছে।
Home Main Stories ‘কোডা’লৈ শ্ৰেষ্ঠ ছবিৰ অস্কাৰৰ সন্মান: জেছিকা ছাষ্টেইন শ্ৰেষ্ঠ অভিনেত্ৰী, উইল স্মিথলৈ শ্ৰেষ্ঠ...