Home অসম কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ ক’ভিডত আক্ৰান্ত

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ ক’ভিডত আক্ৰান্ত

107
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ জানুৱাৰী: দেশৰ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰে দেশত উদ্বেগৰ সৃষ্টি কৰিছে৷ দেশৰ অন্যতম কিংবদন্তি গায়িকাগৰাকী সম্প্ৰতি মুম্বাইৰ ব্ৰীজকেণ্ডী হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে৷ ৯২ বছৰীয়া গায়িকাগৰাকীৰ দেহত ক’ভিডৰ লক্ষণ দেখা পোৱাৰ লগে লগে পৰীক্ষা কৰা হয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে লতা মংগেশকাৰৰ ভতিজীয়ে৷ পৰিয়ালৰ তৰফৰ পৰা ৰসনা মংগেশকাৰে জানিবলৈ দিয়ে যে ২৪ ঘণ্টাই কোকিলকণ্ঠী গায়িকাগৰাকীয়ে উন্নত চিকিৎসা সেৱা লাভ কৰি আছে৷ যিহেতু সাত দিনলৈকে ক’ভিডৰ লক্ষণসমূহ শৰীৰত থাকে, সেয়েহে সাত দিনৰ পিছতে ৯২ বছৰীয়া কণ্ঠশিল্পীগৰাকী আৰোগ্য হৈ উঠিব৷ উল্লেখ্য যে পূৰ্বে ২০১৯ চনৰ নৱেম্বৰ মাহত উশাহ-নিশাহৰ সমস্যাত ভোগা বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল লতা মংগেশকাৰক৷ ইপিনে, লতা মংগেশকাৰ আইচিইউত চিকিৎসাধীন হৈ থকা খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে৷ ইতিমধ্যে দেশৰ বিভিন্ন স্থানত কোকিলকণ্ঠী গায়িকাগৰাকীৰ আশু আৰোগ্য কামনা কৰি বিভিন্নজনে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here