গণৰ্বাতা , ৬ ফেব্ৰুৱাৰী : ভাৰতীয় সংগীত জগতত অপূৰণীয় ক্ষতি। ক’ভিড মহামাৰীয়ে আন এগৰাকী নক্ষত্ৰক কাঢ়ি নিলে আমাৰ মাজৰ পৰা। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাই ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকীয়ে। শেহতীয়াকৈ আইচিইউৰ পৰা স্থানান্তৰ কৰা হৈছিল তেওঁক। আজি পুৱাৰে পৰা পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক লাইফ ছাপ’ৰ্ট ছিষ্টেমত ৰখা হয়। লতা মংগেশকাৰক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে নিউমোনিয়াৰ বাবে ৮ জানুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আজি ৰাতিপুৱা শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। লতা মংগেশকাৰ হাস্পতালত ভৰ্তি হোৱাৰ পিছৰে পৰা লাখ লাখ গুণমুগ্ধই তেওঁৰ দ্ৰুত আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছিল। হাস্পতালত ভৰ্তি হোৱাৰ পিছৰে পৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল গায়িকাগৰাকীৰ।