নতুন দিল্লী, ২৪ছেপ্টেম্বৰ: আইপিএল ২০২১ৰ ৩৪ তম মেচত কলকাতা নাইট ৰাইডাৰ্ছে ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত কৰে।কলকাতাই মাত্ৰ ১৫.১ অভাৰত ১৫৬ ৰানৰ লক্ষ্য অৰ্জন কৰিছিল। ইয়াৰ দুজন যুৱ খেলুৱৈয়ে কলকাতাৰ বিজয়ত যথেষ্ট অৰিহণা যোগাইছিল। ৰাহুল ত্ৰিপাঠীয়ে ৪২ টা বলত অপৰাজিত ৭৪ ৰান অর্জন কৰিছিল। ভেঙ্কটেশ আয়াৰে ৩০ টা বলত ৫৩ ৰানৰ অৱদান আগবঢ়াইছিল। এই দুয়োজন বেটছমৰ সন্মুখত বুমৰাহ, বোল্ট, মিলনে আৰু ৰাহুল চাহাৰৰ দৰে বলাৰেৰে সজ্জিত মুম্বাই দিশহাৰা হয়। কলকাতাৰ বিজয়ে আইপিএল ২০২১ ৰ পইণ্ট তালিকাৰ সমীকৰণ সলনি কৰিছে। কলকাতাই মুম্বাইৰ বিৰুদ্ধে বৃহৎ জয়লাভ কৰি আইপিএল ২০২১ ৰ পইণ্ট তালিকাত চতুৰ্থ স্থান লাভ কৰিছে। মুম্বাই ইণ্ডিয়ানছ এতিয়া একেৰাহে দুটা পৰাজয়ৰ পিছত ষষ্ঠ স্থানলৈ নামি আহিছে। কলকাতা নাইট ৰাইডাৰ্ছ এতিয়া শক্তিশালী প্লে অফৰ দাবীদাৰ হৈ পৰিছে কিয়নো দুটা বৃহৎ জয়ৰ পিছত তেওঁলোকৰ নেট ৰানৰ হাৰ উন্নত হৈছে। আইপিএলৰ পইণ্ট তালিকাত দিল্লী কেপিটেলছে ৯ খন মেচত ৭ টা জয়ৰ সৈতে শীৰ্ষত আছে। দ্বিতীয়টো হৈছে চেন্নাই চুপাৰ কিংছ, যিয়ে ৮ খন মেচৰ ৬ খনত বিজয়ী হৈছে। বাংগালোৰ তৃতীয় স্থানত আছে, বিৰাটৰ দলে ৮ খন মেচৰ ভিতৰত ৫ খনত জয়লাভ কৰিছে। কলকাতা নাইট ৰাইডাৰ্ছে ৯ খন মেচত ৪ খনত জয়লাভ কৰি চাৰি নম্বৰলৈ আগবাঢ়িছে। ৰাজস্থান ৰয়েলছ ৮ খন খেলত ৪ টা জয়ৰ সৈতে পঞ্চম স্থানত আছে।