Home স্থানীয় ডিগবৈত মাটিৰ দালাল ৰূপী অভিযুক্ত চৰকাৰী গাঁওবুঢ়া কৃষ্ণ মাহাতুক গ্ৰেপ্তাৰ

ডিগবৈত মাটিৰ দালাল ৰূপী অভিযুক্ত চৰকাৰী গাঁওবুঢ়া কৃষ্ণ মাহাতুক গ্ৰেপ্তাৰ

125
0

ডিগবৈ,১০ অক্টোবৰ : মাটিৰ দালালিৰ গোচৰত অভিযুক্ত ডিগবৈ বৰবিল গাঁৱৰ চৰকাৰী গাঁওবুঢ়া কৃষ্ণ মাহাতুক কালি সন্ধিয়া ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পার্থপ্রতিম দাসৰ নেতৃত্বত চলা অভিযানত  কুখ্যাত চৰকাৰী গাঁওবুঢ়া কৃষ্ণ মাহাতুক গ্ৰেপ্তাৰ কৰিছে। দালালৰূপী গাওঁবুঢ়া কৃষ্ণ মাহাতুয়ে মাটিৰ দালালৰ লগতে বিভিন্ন অপৰাধজনিত গোচৰত অভিযুক্ত৷ নিজকে চিনেমা পৰিচালক, অভিনেতা আৰু প্রযোজক বুলি চিনাকি দি আহিছিল। দালালৰূপী চৰকাৰী গাওঁবুঢ়া কৃষ্ণ মাহাতুৰ বিৰোদ্ধে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয় ১৯৪/২০১৬,মাৰ্ঘেৰিটা আদালতত ২৮৫/ ২০১৯,মাৰ্ঘেৰিটা ন্যায় আদালতত ৩৬/২০২০ ধাৰাত  তিনিটাকৈ গোচৰ পঞ্জীয়ন হৈ আছে৷ ডিগবৈৰ এটা কুখ্যাত দালালৰূপে পৰিচিত কৃষ্ণক মাহাতুয়ে গাওঁৰ সহজ সৰল অজলা অকৰা লোকসকলক ভয় ভাবুকি তথা বিভিন্ন প্ৰলোভনেৰে বহুসংখ্যক খেতি মাটি নিজৰ নামজাৰি কৰাৰ লগতে,সহজ সৰল গঞাৰ পৰা কম দামত ক্ৰয় কৰি অধিক দামত আন ব্যক্তিক বিক্ৰী কৰি আহিছিল৷দালালৰূপী গাওঁবুঢ়া কৃষ্ণ মাহাতু  গ্ৰেপ্তাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে ভুক্তভোগী একাংশ ৰাইজে  ডিগবৈৰ আৰক্ষী থানাৰ চৌহদত ভিৰ কৰা পৰিলক্ষিত হোৱাৰ লগতে  সমাজ সচেতন লোকে সন্তুষ্টি প্রকাশ কৰিছে৷লগতে কৃষ্ণ মাহাতুক সংগ দিয়া সহযোগী কেইজনো আৰক্ষীৰ জালত পৰাৰ সম্ভৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here