Home স্থানীয় কৃষ্ণগুৰু সেৱাশ্ৰমত আদিগুৰু সেৱা দিৱস পালন: পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ দায়িত্ববোধ, মৰম-শ্ৰদ্ধা জাগ্ৰত...

কৃষ্ণগুৰু সেৱাশ্ৰমত আদিগুৰু সেৱা দিৱস পালন: পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ দায়িত্ববোধ, মৰম-শ্ৰদ্ধা জাগ্ৰত কৰাৰ উদ্দেশ্যেই পালিত হয় আদিগুৰু সেৱা দিৱস

90
0

তফিকুৰ ৰহমান, গণ বাৰ্তা, চেঙা, ২৫ অক্টোবৰ: যি সময়ত নিজৰ সন্তানে বৃদ্ধ বয়সত পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থবলৈ কুন্‌ঠাবোধ নকৰে তেনে সময়তেই ছাত্ৰ-ছাত্ৰীক সংস্কাৰমূলক আৰু আধ্যাত্মিক জ্ঞানেৰে দীক্ষা দিয়াৰ উদ্দেশ্যেই কৃষ্ণগুৰু প্ৰভুৱে কৃষ্ণগুৰু সেৱাশ্ৰমত আৰম্ভ কৰিছিল ‘‘আদিগুৰু সেৱা’’ দিৱস ৷ আদিগুৰু পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ সেৱা-শ্ৰদ্ধা-ভক্তি গঢ়ি তুলিবলৈ প্ৰতিবছৰে ২৫ অে”াবৰত পালন কৰা হয় আদিগুৰু সেৱা দিৱস ৷ বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰতি বছৰৰ দৰে আজিও পালন কৰা হৈছে আদিগুৰু সেৱা দিৱস ৷ পিতৃ-মাতৃয়েই হৈছে সন্তানৰ বাবে আদিগুৰু ৷ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগতে শাখা সেৱাশ্ৰমসমূহতো আজি পালন কৰা হৈছে আদিগুৰু সেৱা দিৱস৷ আদিগুৰু সেৱা দিৱসত কৃষ্ণগুৰু সেৱাশ্ৰমৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকল উপস্থিত থাকে৷ শৰণদাতা গুৰু কৃষ্ণগুৰু প্ৰভুক স্মৰণ কৰি অভিভাৱকসকলে নিজৰ সন্তানসকলক হিয়া উজাৰি আশীৰ্বাদ দিয়ে আৰু ছাত্ৰ -ছাত্ৰীসকলে আদিগুৰু পিতৃ-মাতৃৰ চৰণ স্পৰ্শ কৰি সেৱা জনাই শপত বাক্য গ্ৰহণ কৰে৷ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে উপস্থিত হৈ আশীৰ্বচন প্ৰদান কৰি শিক্ষাৰ্থীসকলক আৰু অভিভাৱকসকলক আশীস প্ৰদান কৰে৷ আদিগুৰু সেৱা দিৱস পালন অনুষ্ঠানটোত শপত বাক্য পাঠ কৰোৱায় কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ তথা কৃষ্ণগুৰু শিক্ষা পৰিষদৰ সভানেত্ৰী কুন্তলা পাটোৱাৰী গোস্বামীয়ে৷ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে কয় যে— ‘‘আদিগুৰু সেৱা দিৱসত ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকল উপস্থিত থাকে৷ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ ওচৰত শপত বাক্য লয় যাতে তেওঁলোকে ডাঙৰ মানুহ হ’ব পাৰে আৰু নিজৰ পিতৃ-মাতৃৰ প্ৰতি সদায় শ্ৰদ্ধা-মৰম অটুট থাকে ৷ এই পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ যি দায়িত্ববোধ যি মৰম-শ্ৰদ্ধা সেই ভাৱক জাগ্ৰত কৰাৰ বাবে , সজাগ-সচেতন কৰাৰ বাবে এই আদিগুৰু সেৱা দিৱসটো প্ৰতিবছৰে ২৫ অে”াবৰত পালন কৰি অহা হৈছে৷’’ অভিভাৱকসকলে নিজৰ সন্তানক একোটাকৈ ৰসগোল্লা খুৱাই আশীৰ্বাদ প্ৰদান কৰে ৷ আদিগুৰু সেৱা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়৷ কৃষ্ণগুৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা প্ৰিয়ংকা সন্দিকৈ আৰু কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰীদ্বয় হিমাশ্ৰী বৰ্মন আৰু অংকিতা ভূঞাই সম্পাদনা কৰা কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ ‘‘জ্ঞানজ্যোতি’’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখন আজি আনুষ্ঠানিকভাবে উন্মোচন কৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ তৰুণ চন্দ্ৰ বৰাই ৷ প্ৰাচীৰ পত্ৰিকা উন্মোচনী অনুষ্ঠানত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱা, অসমীয়া বিভাগৰ অধ্যাপক ডঃ গোবিন্দ প্ৰসাদ ভূঞা, পঞ্জীয়ক ডঃ কমলাকান্ত দত্তৰ উপৰিও কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷ কভিদ প্ৰট’কল মানি আদিগুৰু সেৱা দিৱস পালন কৰা হয় বুলিও জানিবলৈ দিয়ে ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here