গণ বাৰ্তা,ভূৰাগাঁও,১৩ মাৰ্চঃ- লাহৰীঘাটত পুনৰ আৰক্ষীৰ এনকাউন্টাৰ।এইবাৰ আৰক্ষীয়ে কোনো ড্ৰাগছ বা ধৰ্ষণকাৰীক নহয় কুখ্যাত গাড়ী চোৰক এনকাউন্টাৰ কৰে।শনিবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা কুখ্যাত গাড়ী চোৰটোক লক্ষ্য কৰি গুলীয়াই। আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হয় ত্ৰৈলোক্য বৰদলৈ নামৰ এজন কুখ্যাত গাড়ী চোৰ। ঘটনাটো সংঘটিত হয় মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বগলীপাৰাত।উল্লেখ্য যে,ধৃত চোৰটোৱে দীৰ্ঘদিন ধৰি সমগ্ৰ মৰিগাঁও জিলাতে চুৰি কাৰ্যৰে সন্তাসৰ সৃষ্টি কৰি আহিছিল। চোৰটো শেনচকু আছিল দামী দামী বাইকৰ ওপৰত। দীৰ্ঘদিন ধৰি গাড়ী চোৰ ত্ৰৈলোক্য বৰদলৈক বিচাৰি আছিল মৰিগাঁও আৰক্ষীয়ে।শনিবাৰে নিশা মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই লাহৰীঘাটৰ কুশতলিত আত্মগোপন কৰি থকা কুখ্যাত চোৰ ত্ৰৈলোক্য বৰদলৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। জাগীৰোড অঞ্চলৰ কুখ্যাত চোৰ ত্ৰৈলোক্য বৰদলৈক গ্ৰেপ্তাৰ কৰি লাহৰীঘাট আৰক্ষী থানাত লৈ অনাৰ সময়তেই আধা বাটত বগলীপাৰাত ধৃত চোৰটোৱে পেচাব কৰাৰ চলেৰে আন্ধাৰৰ সুযোগলৈ আৰক্ষীৰ মাজৰ পৰা পলায়নৰ চেষ্টা কৰিছিল। লগে লগে আৰক্ষীয়ে চোৰটোক লক্ষ্য কৰি গুলীয়াই।পৰবৰ্তী সময়ত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ত্ৰৈলোক্য বৰদলৈক আৰক্ষীয়ে চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here