Home স্থানীয় পুনৰ বানপানীৰ কৱলত লাইকা-দধীয়া বাসী

পুনৰ বানপানীৰ কৱলত লাইকা-দধীয়া বাসী

119
0

সন্তোষ ফুকন, তিনিচুকীয়া, ১০ জুন : কেইবাদিন ধৰি দি থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিব্ৰু চৈখোৱা আৰু চিয়াং নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে লাইকা দধীয়া অঞ্চল ।তাৎপৰ্যপূৰ্ণ যে লাইকা দধীয়াবাসীয়ে পুনৰ সংস্থাপন বিচাৰি সুদীৰ্ঘ বছৰৰ পৰা আন্দোলন কৰি আহিছে । যোৱা বছৰ তিনিচুকীয়াৰ জানমুখত হাবিৰ মাজতে তম্বু তৰি কেইবামাহো থাকিল লাইকা দধীয়াবাসী । কিন্তু চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হব বুলি বহু প্ৰতিশ্ৰুতি দিলে কিন্তু প্ৰতিশ্ৰুতিৰ মতে সকলোৱে পুনৰ সংস্থাপন নেপালে । এতিয়া লাইকাত নাই কোনো বিকল্প ব্যৱস্থা ,নাই কোনো চৰকাৰী সা-সুবিধা,স্থানীয় জ’ন-প্ৰতিনিধিৰো এই বান পীড়িত লোক সকলৰ খৱৰ লবলৈ আহৰি নাই।
উল্লেখনীয় যে লাইকা-দধীয়াৰ ১৫০ টা পৰিয়ালে তিনিচুকীয়া জিলাৰ জাগুণত টিৰপালৰ চালিত অস্থায়ী ঘৰৰ তলত জীৱন নিৰ্বাহ কৰি আছে। ক’ত যাব, কি কৰিব,এতিয়া দিশ হাৰা হৈ পৰিছে এই লাইকা-দধীয়াৰ বানাক্ৰান্ত লোকসকল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here