Home অসম লামডিং-লংকা সংযোগী পথত পথ দুৰ্ঘটনাঃ থিতাতে নিহত দুজন

লামডিং-লংকা সংযোগী পথত পথ দুৰ্ঘটনাঃ থিতাতে নিহত দুজন

499
0

লংকা, ২৬ নৱেম্বৰঃ  লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়।নিহত ব্যক্তি দুজনৰ নাম গুলচন টেৰণ আৰু মংগল সিং টুকবি ।জানিব পৰা মতে এ এচ ০৯ ডি ৬৩২৮ নম্বৰৰ মহিন্দ্ৰা বলেৰ’ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই লামডিঙৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ এক স্থানত কালভাৰ্টৰ ৰেলিঙত খুন্দা মাৰে ৷ফলত গাড়ীখনৰ আৰোহী দুজন থিতাতে নিহত হয়।নিহত গুলচন টেৰণ কাৰ্বি আংলং জিলা জলসিঞ্চনৰ বিভাগৰ হামৰেং উপ সংমণ্ডলৰ সহ অভিযন্তা আৰু মংগল সিং টুকবি  মংগল সিং টুকবি চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৷ দুৰ্ঘটনাত পতিত হোৱা  ‘গভট অৱ আছাম’ বুলি লিখা  বাহনখনেৰে বিভাগীয় কাম কৰিবলৈ ডিফুৰ পৰা পশ্চিম কাৰ্বি আংলং লৈ গৈ আছিল দুয়োজন ৷ কিন্তু নিয়তিয়ে প্ৰান কাঢ়ি নিলে বিষয়া গৰাকীৰ লগতে কৰ্মচাৰীজনৰ ৷ দুৰ্ঘটনাগস্ত হোৱা স্থানৰ পৰা যাত্ৰী সকলে লামডিঙ আৰক্ষীক খবৰ দিয়াত  ঘটনাস্থলীত লামডিং আৰক্ষী লগতে উদালী আৰক্ষী চকীৰ আৰক্ষীও উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here