Home স্থানীয় দুৰ্নীতিৰ ভূ-স্বৰ্গ ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্য্যলয় : চৰকাৰী ভূমি বেদখল কৰি অবৈধভাৱে...

দুৰ্নীতিৰ ভূ-স্বৰ্গ ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্য্যলয় : চৰকাৰী ভূমি বেদখল কৰি অবৈধভাৱে দোকান নিৰ্মাণ

163
0

গণ বাৰ্তা বিশেষ, ধুবুৰী, ২৩ অক্টোবৰ ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে দালালৰাজ মুক্ত কৰাৰ বাবে যিমানেই কঠোৰ হৈছে ঠিক তেনে সময়তে ধুবুৰী চক্ৰ বিষয়া কাৰ্যালয়ত পুনৰ দালালৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এগৰাকী মাটিৰ দালালে ধুবুৰীৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ এগৰাকী মণ্ডলৰ জৰিয়তে চৰকাৰী ভূমি  দখল কৰি এটা, দুটা নহয়, ৯খনকৈ দোকান স্থায়ীভাৱে নিৰ্মাণ কৰি দোকানসমূহ ভাৰা দি চলাই থকা কাৰ্যত ধুবুৰী জিলাবাসীৰ চকু কপালত উঠিছে। ধুবুৰী জিলা চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত থকা গৌৰিপুৰৰ নিকটৱৰ্তী মধুশৌলমাৰিৰ দ্বিতীয় খণ্ড গাঁৱত অৱস্থিত মূল বজাৰতে থকা  চৰকাৰী ভূমিৰ ১৩০২ দাগ নম্বৰত ১ কঠা ২ লেচা আৰু ১৩০৩ দাগ নম্বৰত আছে ১ বিঘা ১৪ লেচা মাটিত কেনেকৈ অবৈধভাৱে দখল কৰি তাত দোকান নিৰ্মাণ কৰিলে সেয়া ৰহস্যজনক বিষয়। অৱশ্য, ধুবুৰী চক্ৰ বিষয়া কাৰ্যালয়ত থকা ৰেজিষ্টাৰ বহীত চৰকাৰী মাটি হিচাপে উল্লেখ কৰা আছে যদিও চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত নুৰ মণ্ডল নামৰ লাটমণ্ডলজনে মধুশৌমাৰীৰ খাইৰুজ জামান নামৰ মাটিৰ দালালৰ সৈতে মতা অংকৰ ধনৰ বিনিময়ত গোপন বুজাবুজি কৰি খাইৰুজ জামানে চৰকাৰী ভূমি দখল কৰি ৯খনকৈ দোকান নিৰ্মাণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে, এতিয়া প্ৰশ্ন হয়, কাৰ আশিৰ্বাদ তথা কাৰ হস্তক্ষেপত চৰকাৰী ভূমি দখল কৰিলে মধুশৌলমাৰীৰ খাইৰুজ জামানে…??? জিলা প্ৰশাসন ইয়াৰ বাবে জগৰীয়া বুলি সচেতন মহলে ক’ব খোজে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে মধুশৌলমাৰীৰ খাইৰুজ জামানে অবৈধভাৱে দখল কৰি থকা চৰকাৰী ভূমিখিনি দখলমুক্ত কৰিব পাৰিবনে নাই সেয়া লক্ষণীয় দিশ। দুৰ্নীতিত লিপ্ত হৈ থকা নুৰ মণ্ডল নামৰ লাটমণ্ডলসহ  দালালৰাজ কৰি থকা লোকসকলক ধুবুৰীৰ চক্ৰ বিষয়া কাৰ্যলয়ৰ পৰৱ কেতিয়া বিদায় দিব চৰকাৰে…?   এই ধৰণৰ লাটমণ্ডল আৰু দালালসকলৰ পৰোক্ষ আৰু প্ৰত্যক্ষ সহযোগৰ বাবে  ধুবুৰীৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত থকা কোটি কোটি মূল্যৰ চৰকাৰী ভূমি বেদখল হৈ আছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীগৰাকীয়ে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে  লক্ষ্যণীয় বিষয় হ’ব। এই প্ৰসঙ্গত ধুবুৰীৰ সচেতন মহলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here