Home Main Stories VIDEO | কোবিড ৰোগীৰ মৃত্যুক লৈ উদালীৰ ফুলতলী হস্পিটেলত লংকাকাণ্ড ◾️ আইন...

VIDEO | কোবিড ৰোগীৰ মৃত্যুক লৈ উদালীৰ ফুলতলী হস্পিটেলত লংকাকাণ্ড ◾️ আইন হাতত লৈ চিকিৎসকক নিৰ্মম প্ৰহাৰ মৃতকৰ আত্মীয়ৰ ◾️ হস্পিটেল দৰজা-খিৰীকি ভাঙি লণ্ডভণ্ড

208
0

লংকা ফুলতলিৰ পৰা কৃষ্ণ হাজৰিকাৰ সহযোগত মাহমুদ আলী, নীলবাগান, ১ জুন : হোজাই জিলাৰ লংকাৰ ফুলতলী হাস্পতালত আজি সংঘটিত হয় লংকাকাণ্ড। এগৰাকী ক’ভিড ৰোগীয়ে চিকিৎসাৰ অভাৱত মৃত্যুক সাবটি লোৱাৰ অভিযোগ তুলি ৰোগীৰ আত্মীয়ই সংঘটিত কৰে এই লংকাকাণ্ড। অকল ইমানেই নহয়, একাংশ উত্তেজিত লোকে উগ্ৰমূৰ্তি ধাৰণ কৰি কৰ্তব্যৰত চিকিৎসকক লাঠিৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ উপৰি আইন হাতত তুলি লণ্ডভণ্ড কৰে চিকিৎসালয়খন। চিকিৎসালয়ৰ দৰ্জা-খিৰিকী আদি ভাঙি বীৰত্ব জাহিৰ কৰে ৰোগীৰ আত্মীয়ই। উত্তেজিত লোকৰ উপৰ্যুপৰি আক্ৰমণ আৰু ৰুদ্ৰমূৰ্তিৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলে প্ৰাণ লৈ পলাবলগীয়া হয়। চিকিৎসকৰ কাপোৰ ফালি মৰিয়াই মৰিয়াই গুণ্ডাৰ ৰূপত অৱতীৰ্ণ হয় ৰোগীৰ আত্মীয়সকল। ঘটনাৰ বিৱৰণী মতে লংকাৰ ২ নং পিপলপুখুৰীৰ গিয়াছ উদ্দিন নামৰ লোকজন ক’ভিড-১৯ত আক্ৰান্ত হোৱাত ভৰ্তি কৰা হৈছিল ফুলতলী মডেল হাস্পতালত। তাৰ পিছতে ৰোগীজনে মৃত্যুক সাবটি লয়। ৰাইজৰ অভিযোগ মতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ গাফিলতিৰ বাবেহে অক্সিজেনৰ অভাৱত মৃত্যুক সাবটি লয় ৰোগীজনে। আনহাতে আন একাংশৰ মতে ৰোগীজনৰ প্ৰস্ৰাৱ বন্ধ হৈ ৰোগীজনে মৃত্যুক আঁকোৱালি লয়। ৰোগীজনে ছটফটাই থকাৰ পিছতো সেই সময়ত হাস্পতালখনৰ কৰ্তব্যৰত চিকিৎসকে ৰোগীজনৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে। যাৰ বাবে ৰোগীৰ আত্মীয় আৰু একাংশ ৰাইজ উত্তেজিত হৈ পৰে আৰু চিকিৎসক-স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। উত্তেজিত লোকসকলে এজন চিকিৎসকৰ কাপোৰ ফালি দিয়াৰ লগতে উপৰ্যুপৰি প্ৰহাৰ কৰি চিকিৎসকজনক গুৰুতৰভাৱে আহত কৰে। যাৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলটোৱে প্ৰাণ লৈ পলায়ন কৰিবলৈ বাধ্য হয়। এককথাত ক’বলৈ গ’লে উত্তেজিত লোকসকলে হত্যাৰ চেষ্টা কৰে কৰ্তব্যৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক। ইয়াৰোপৰি উত্তেজিত লোকসকলে চিকিৎসালয়খনৰ দৰজা-খিৰিকী ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে। ঘটনাস্থলীত উদালী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানলৈকে উত্তেজনা অব্যাহত আছে। উল্লেখ্য যে ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এখন চৰকাৰী প্ৰতিষ্ঠান ভাঙি লণ্ডভণ্ড কৰা তথা চিকিৎসকক চোৰ-ডকাইতৰ দৰে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। একেদৰে চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱা বিষয়টোক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এই সমস্ত ঘটনাৰ এক উপযুক্ত তদন্তৰ দাবী কৰিছে সচেতন মহলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here