Home Main Stories ল’ৰাটো মৰিছে আনন্দিত হৈছো কিন্তু তাৰ মাকেও হিয়াঢাকুৰি কান্দিছে চাগে:অনিমেষৰ মাতৃৰ ভাষ্য

ল’ৰাটো মৰিছে আনন্দিত হৈছো কিন্তু তাৰ মাকেও হিয়াঢাকুৰি কান্দিছে চাগে:অনিমেষৰ মাতৃৰ ভাষ্য

232
0


গণ বাৰ্তা, দেৰগাঁও, ৰ ডিচেম্বৰ ঃ আজি ছাত্ৰনেতা অনিমেষ ভূঞাৰ ধৰ্মীয় ৰীতি-নীতিৰে স্থানীয় ৰাইজৰ সহযোগত সমাপণ হ’ল তিলনি৷ সকলোৰে মৰমৰ অনিমেষক হেৰুৱাই কান্দোনৰ ৰোলৰ মাজতে তিলনিৰ দিনাই দুখৰ সময়তো পালে এক সুখবৰ৷ দুখৰ চকুপানী টুকি টুকি তিলনিত উপস্থিত থকা স্থানীয় ৰাইজ, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি তথা পৰিয়ালৰ লোকে পুৱাই শুনিবলৈ পালে ক’লা গুণ্ডাৰ মৃত্যুৰ খবৰ ৷ যোৰহাট-কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড তথা বিভিন্ন অপৰাধত জড়িত কুখ্যাতি আৰ্জন কৰা ক’লা ল’ৰা ওৰফে নীৰজ দাস ওৰফে ক’লা গুণ্ডা নিশা যোৰহাট আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে এছকৰ্ট গাড়ীৰ খুণ্ডাত প্ৰাণ হেৰুওৱাৰ খবৰ চাৰিওফালে বিয়পি পৰে৷ এই বাৰ্তাই বনজুইৰ দৰে বিয়পি পৰাত দুখৰ মাজতো সুখৰ চকুপানী টোকে সকলোৱে৷ অসমৰ সকলো ৰাইজে যেন একেস্বৰে কয় – কোনো সাৰি নাযায় ভগৱানৰ বিচাৰত৷ চকুৰ পানীৰে বাট নেদেখা অনিমেষৰ মাতৃয়ে ক’লা ল’ৰাৰ মৃত্যু সম্পৰ্কত হৃদয় বিদাৰক বাক্য কৈ সকলোৰে চকু সেমেকাই তুলিলে৷ ‘ক’লা ল’ৰাৰ মৃত্যুত মই আনন্দিত হৈছো, কিন্তু মোৰ নিচিনাকৈ তেওঁৰ মাকেও হিয়া ঢাকুৰি কান্দিছে চাগৈ’৷ ক’লা ল’ৰাৰ মৃত্যুত অনিমেশৰ মাতৃৰ প্ৰথম প্ৰতিক্ৰিয়াই সকলোকে স্তম্ভিত কৰি তোলে৷ এই মুহূৰ্তলৈকে চৰকাৰৰ পৰা দিয়া প্ৰতিশ্ৰুতি মতেই যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষী-প্ৰশাসনে ঘটনাত জড়িত সকলোকে ধৰিবলৈ তৎপৰ হৈ উঠাত সচেতন ৰাইজে প্ৰশাসনৰ কাম-কাজৰ শলাগ লৈছে ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ মতে আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ তৎপৰতাকো শলাগ লয়৷ ক’লা ল’ৰাৰ মৃত্যুৱে সকলোকে আনন্দ দিয়াৰ লগতে আৰক্ষী-প্ৰশাসন তথা চৰকাৰক ধন্যবাদ জনাইছে৷ ইপিনে, আজিও দেৰগাঁৱৰ প্ৰান্তে প্ৰান্তে অনিমেষলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অনিমেষ হত্যাৰ ন্যায় প্ৰদানৰ দাবীত ৰাজপথলৈ ওলাই আহে শ শ মহিলা আৰু ছাত্ৰ-ছাত্ৰী৷ যোৰহাটত নৃশংস আক্ৰমণৰ সন্মুখীন হৈ মৃত্যু হোৱা দেৰগাঁৱৰ ছাত্ৰনেতা অনিমেষৰ জন্মস্থান খকণ্ডগুৰি তথা সমগ্ৰ দেৰগাঁৱত কান্দোনৰ ৰোল আজিও বন্ধ হোৱা নাই৷ অনিমেষ হত্যাৰ মূল নায়ক ক’লা ল’ৰা ওৰফে নীৰজৰ মৃত্যুত সমগ্ৰ অসমবাসীৰ লগতে দেৰগাঁৱৰ ৰাইজেও সন্তোষ প্ৰকাশ কৰিছে যদিও যোৰহাট-কাণ্ডৰ লগত জড়িত প্ৰতিটো অপৰাধীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত অটল আছে দেৰগাঁৱৰ সকলো দল-সংগঠন তথা সৰ্বস্তৰৰ ৰাইজ৷ সহজ-সৰল, অমায়িক, উদ্যমী যুৱক অনিমেষৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে দেৰগাঁৱৰ প্ৰান্তে প্ৰান্তে ৰাইজে বন্তি প্ৰজলন কৰি মৌন প্ৰাৰ্থনাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে৷ আজি অঞ্চলটোৰ শ শ মহিলা ৰাজপথলৈ ওলাই আহি হাতে হাতে প্লেকাৰ্ড লৈ অনিমেষ হত্যাৰ ন্যায় লাগে, আমাক নিৰাপত্তা দিয়ক, পুলিচ-প্ৰশাসন কঠোৰ হওক, অনিমেষৰ পৰিয়ালৰ সদস্যক স্থায়ী সংস্থাপণ দিয়ক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ একেদৰে দেৰগাঁও কমল দুৱৰা কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে আজি অনিমেষ হত্যাৰ প্ৰতিবাদত নগৰৰ মাজেৰে এক শান্তি সমদল বাহিৰ কৰি অনিমেষৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী আৰু ৰাজ্যখনৰ পৰা এনেবোৰ দুষ্কাৰ্যৰ অৱসান কামনা কৰে৷ একেদৰে ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰি চাৰিআলিতো অনিমেষৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন কৰা হয়৷ আজি তিলনিৰ দিনটোত অনিমেষৰ বাসগৃহত কৃষিমন্ত্ৰী অতুল বৰাৰ উপৰি বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত হৈ পৰিয়ালক সাbLনা দিেয়৷ উল্লেখযোগ্য যে কৃষিমন্ত্ৰী অতুল বৰাই শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে অনিমেষৰ দুই বন্ধু যোৰহাট চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয়জ্যেতি দত্তৰ খবৰ ল’বলৈ মৃদুষ্মন্তৰ বাসগৃহত উপস্থিত হয়৷ মন্ত্ৰীগৰাকীক যোৰহাট মেডিকেল কলেজত অনিমেশৰ দুই চিকিৎসাধীন বন্ধুক ক’লা ল’ৰাৰ ভেৰণীয়া গুণ্ডাই ভাবুকি প্ৰদান কৰাৰ কথা পৰিয়ালৰ লোকে জানিবলৈ দিয়াত তৎক্ষণাত যোৰহাট জিলাৰ উপায়ুক্তৰে বাৰ্তালাপ কৰি চিকিৎসাধীন যুৱকদ্বয়ৰ নিৰাপত্তা সুনিশ্চিত কৰে৷ অন্যহাতে অনিমেষৰ বাসগৃহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা ৰাণা প্ৰতাপ বৰুৱা, কৃষক নেতা সোণেশ্বৰ নৰহ আদি উপস্থিত হৈ অনিমেষৰ পৰিয়ালটোক সাbLনা দি পৰিয়ালটোৰ ন্যায় প্ৰাপ্তি কামনা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here