Home Uncategorized তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নিষিদ্ধ লালিগুড় জব্দ

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নিষিদ্ধ লালিগুড় জব্দ

237
0


গণ বাৰ্তা, তিনিচুকীয়া, ২৭ জানুৱাৰী: সমগ্ৰ দেশতে ৭৩সংখ্যক গণৰাজ্য দিৱসৰ উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰাৰ সময়তে বাণিজ্যক চহৰ তিনিচুকীয়াৰ ছাইডিং বজাৰত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ লালিগুড়৷ তাৎপৰ্যপূৰ্ণ যে তিনিচুকীয়াৰ জিলা দণ্ডাধীশে ১৩ জুলাই ২০২১ তাৰিখে এক আদেশযোগে চুলাই প্ৰস্তুত কৰা লালিগুড়ৰ সৰবৰাহ, বিক্ৰী আৰু মজুতকৰণত বাধা নিষেধ আৰোপ কৰি থৈছে৷ লালিগুড়ৰ পৰা বৰ-বিহৰূপে পৰিগণিত হোৱা চুলাই প্ৰস্তুত কৰে৷ এনে চুলাই সেৱন কৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত বহু লোকৰ মৃত্যু হোৱাৰ বাতৰিয়ে ইতিমধ্যে কাকতৰ শিৰোনাম দখল কৰি আহিছে৷ তাৰ ফলতে জিলা প্ৰশাসনে লালিগুড় কিনা-বেচা আৰু মজুত ৰখাক লৈ নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই তিনিচুকীয়াৰ জনৈক উমাশংকৰ নামৰ ব্যৱসায়ী এজনে নিৰ্ভীকমনে চলাই আছিল লালিগুড়ৰ ৰমৰমীয়া বেহা৷ তিনিচুকীয়া চহৰখনত নিষিদ্ধ লালিগুড়ৰ অবৈধভাৱে কিনা-বেচা কৰে মেনেজ মাষ্টাৰ এইজন ব্যৱসায়ী উমাশংকৰে৷ অভিযোগ অনুসৰি এইজন উমাশংকৰে বিভিন্ন পক্ষক ধন দি নিষিদ্ধ ব্যৱসায় চলাই আহিছিল৷ এই ব্যৱসায়ীজনে বহুবাৰ লালিগুড়ৰ কিনা-বেচা আৰু মজুত ৰখাক লৈ আইনৰ দাৰস্থ হ’বলগীয়া হৈছিল যদিও আইনৰ সুৰুঙাৰে পুনৰ বৰবিহ ৰূপী লালিগুড়ৰ ৰমৰমীয়া বেহা দীৰ্ঘদিন ধৰি চলাই আহিছিল৷ কালি পুনৰ ব্যৱসায়ীজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা প্ৰায় ১৫০ টিনতকৈ অধিক নিষিদ্ধ লালিগুড় তিনিচুকীয়া আৰক্ষীয়ে জব্দ কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানখনত তলা লগাই দিয়ে৷ এইজন লালিগুড়ৰ মাফিয়াৰূপী উমাশংকৰৰ বিৰুদ্ধে জিলা প্ৰশাসনে কিয় নাকী লগাবলৈ সক্ষম হোৱা নাছিল বুলি প্ৰশ্ন উত্থাপন হৈছে? চহৰখনৰ মাজ-মজিয়াত কাৰ ছত্ৰছায়াত নিষিদ্ধ লালিগুড়ৰ ৰমৰমীয়া বেহা চলাই আহিছে সিও ৰহস্যজনক হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here