Home স্থানীয় গুৱাহাটীক সেউজকৰণৰ লক্ষ্যৰে বৰঝাৰ বিমান বন্দৰৰ পৰা ধাৰাপুৰ চাৰিআলিলৈ গছপুলি ৰোপন কাৰ্যসূচীৰ...

গুৱাহাটীক সেউজকৰণৰ লক্ষ্যৰে বৰঝাৰ বিমান বন্দৰৰ পৰা ধাৰাপুৰ চাৰিআলিলৈ গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ

83
0

জীতুমণী , আজাৰা, ২২ জুলাই :

অসম চৰকাৰৰ বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলে চলিত বাৰিষাৰ সময়ছোৱাত গুৱাহাটী সেউজকৰণ আঁচনিৰ অধীনত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা গণেশগুৰি হৈ পাঞ্জাবাৰীলৈ পথৰ দাঁতিত ব্যাপক গছপুলি ৰোপনৰ লক্ষ্যৰে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে । আজি এই আঁচনিৰ অধীনত বৰঝাৰ বিমান বন্দৰৰ পৰা ধাৰাপুৰ চাৰিআলিলৈ প্ৰথম পৰ্যায়ত ৰূপায়িত হবলগীয়া গছপুলি ৰোপন কাৰ্যসূচী ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা আজাৰা ৰাজহুৱা সভাঘৰ চৌহদত শুভাৰম্ভ কৰা হয় । এটি গছপুলি ৰোপন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । কাৰ্যসূচীত গুৱাহাটীৰ সাংসদ কুইন ওজা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া , বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষকদ্বয় সন্দ্বীপ কৃষ্ণ আৰু আৰু সত্যেন্দ্ৰ নাৰায়ণ সিং , মুখ্য বন সংৰক্ষণক হেমকান্ত তালুকদাৰ , প্ৰদূষণ নিয়ন্ত্ৰিত পৰিষদৰ অধ্যক্ষ প্ৰদ্যুৎ চৌধুৰী , পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকা , ৰাণী , পলাশবাৰী আৰু গুৱাহাটীৰ বনাঞ্চলিক বিষয়া ক্ৰমে মনোৰঞ্জন বৰ্মন , মৃণাল মেধী , পংকজ বৰাকে ধৰি বন বিভাগৰ কেবাজনো বিষয়া , বিশিষ্টা লেখিকা ডঃ সীমা বৰা , বৰঝাৰ বিমান বন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফৰ ডেপুটী কমাণ্ডেণ্ট এল পাণ্ডেকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকি প্ৰায় ১০০ টা বিভিন্ন থলুৱা প্ৰজাতিৰ জাঁপ ৰোপন কৰে । আনহাতে গছপুলি ৰোপনৰ পুর্বে আজাৰা ৰাজহুৱা সভাঘৰত মুখ্য বন সংৰক্ষক হেমকান্ত তালুকদাৰে আঁত ধৰা সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাষণ প্ৰসংগত কয় বৰঝাৰ বিমান বন্দৰ হৈ অসমলৈ দেশ বিদেশৰ বহু লোক আহে । বিমান বন্দৰত নমাৰ পাছত তেওঁলোকে যাতে এখন গছ গছনিৰে পৰিপূৰ্ন এখন সেউজ গুৱাহাটী প্ৰত্যক্ষ কৰে সেই লক্ষ্যৰে গুৱাহাটী সেউজকৰণ আঁচনিখন গ্ৰহণ কৰা হৈছে । গছ নাথাকিলে সৃষ্টিৰ ধ্বংস হব বুলি সদৰি কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই একাংশ কৃষক নেতাই কৃষি কৰ্মৰ সলনি ৰাজনীতিহে কৰি আহিছে বুলি আক্ষেপ প্ৰকাশ কৰে । অনুষ্ঠানত সাংসদ কুইন ওজা , বিধায়কদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো পৰিবেশ সংৰক্ষণ , গছ গছনিৰ ওপৰত মনপৰখা ভাষণ দি সকলোকে গছপুলি ৰোপনৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত বিশিষ্টা লেখিকা ডঃ সীমা বৰাই প্ৰকৃতি সংৰক্ষণ বিষয়ক এটি স্ব – ৰচিত কবিতা পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । উল্লেখযোগ্য যে আঁচনিখনত ৰাউণ্ড টেবুল ইণ্ডিয়া আৰু পলাশবাৰী ভেনিয়াৰ এছোচিয়েছনে সহযোগিতা আগবঢ়াইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here