Home Main Stories গুৱাহাটীত ২৯০ কোটি টকা ব্যয় সাপেক্ষে নদী টাৰ্মিনেলৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ :...

গুৱাহাটীত ২৯০ কোটি টকা ব্যয় সাপেক্ষে নদী টাৰ্মিনেলৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ : পৰিবহণ বিভাগৰ ১২ টা নতুন আধাৰযুক্ত অনলাইন সেৱাও উদ্বোধন

162
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ মে’ ঃ আভ্যন্তৰীণ জলপৰিবহণ সেৱাত নতুন দিগন্তৰ সূচনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ফাঁচীবজাৰস্থিত আই ডাব্লিউ টি ঘাটত গুৱাহাটী গে’টৱে ঘাট ফেৰী টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ২খন তীখাৰে নিৰ্মিত কেটামাৰণ জাহাজ শুভ উদ্বোধন কৰে৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে আজিৰ এই অনুষ্ঠানতে ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত স্বচ্ছতা আৰু দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে পৰিবহণ বিভাগত জনসাধাৰণৰ কায়িকভাৱে উপস্থিতিৰ প্ৰয়োজনবিহীন ১২টা সেৱাৰো শুভাৰম্ভ কৰে৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্য প্ৰশাসনৰ মুৰব্বী হিচাপে দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা পৰিবহণ খণ্ডত উল্লেখনীয় পৰিৱৰ্তন সাধনক তেওঁ অন্যতম প্ৰাথমিকতা প্ৰদান কৰি আহিছে৷ ইয়াৰ আধাৰতে প্ৰায় ২৯০ কোটি টকা ব্যয়েৰে গুৱাহাটীৰ ফাঁচীবজাৰৰ বহুমহলীয়া কাৰ পাৰ্কিঙৰ বিপৰীত দিশত এই গুৱাহাটী গে’টৱে ঘাট ফেৰী টাৰ্মিনেল নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে৷ আগন্তুক ২৪ মাহৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া এই টাৰ্মিনেলটোৱে গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী ঘাটসমূহত বছৰৰ সকলো সময়তে যাত্ৰীসকলৰ সুৰক্ষিত যাত্ৰা সুনিশ্চিত কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সাগৰত জলপৰিবহণ সুবিধাৰ্থে দেশৰ বিভিন্ন প্ৰান্তত এনে আধুনিক টাৰ্মিনেল আছে যদিও নৈত ৰূপায়ণ কৰিবলৈ লোৱা এই প্ৰকল্পটো দেশৰ ভিতৰতে এনে ধৰণৰ প্ৰথম প্ৰকল্প৷ কেফে, কেণ্টিন, যাত্ৰীৰ জিৰণি কোঠা, যান-বাহন ৰাখিব পৰা ব্যৱস্থা আদিৰে সমৃদ্ধ হ’বলগীয়া এই প্ৰকল্পটোত সকলো আধুনিক সুবিধা থাকিব বুলি সদৰী কৰি মুখ্যমন্ত্ৰী কয় যে এই টাৰ্মিনেলটোৱে নৈ পৰিবহণৰ লগতে পৰ্যটনৰ বিকাশতো বিশেষভাৱে সহায় কৰিব৷ উমানন্দ, ধুবুৰী, বহৰি, অফলামুখ আদিকে ধৰি ৰাজ্যৰ একাধিক স্থানত সৰু টাৰ্মিনেল স্থাপনৰ পৰিকল্পনা লোৱা হৈছে বুলিও তেওঁ সদৰী কৰে৷ আজিৰ এই অনুষ্ঠানতে দুখন ষ্টীল কেটামাৰণ জাহাজৰ সেৱাও শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে সুষম জল পৰিবহণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মুঠ ২০খন এনে জাহাজ চলাচলৰ পৰিকল্পনা লৈছিল৷ ইতিমধ্যে এনে জ্জ্বখন জাহাজে জনসাধাৰণলৈ সেৱা আগবঢ়াই আছে আৰু আগন্তুক দিনত ১০খন এনে জাহাজৰ সেৱা প্ৰৱৰ্তন কৰা হ’ব৷ ড॰ শৰ্মাই কয় যে জল পৰিবহণ সেৱা উন্নীত কৰি নাও দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰা প্ৰয়াসৰ অংশ হিচাপে দেশীয় যান্ত্ৰিক নৌকাৰ গৰাকীসকলক বিনামূলীয়াকৈ মেৰাইন ইঞ্জিন প্ৰদান কৰা হৈছে৷তেনে দৰে ‘নাইট নেভিগেশ্বন’ ব্যৱস্থা শুভাৰম্ভ হোৱাৰ ফলত এতিয়া দক্ষিণ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ নিশা ১১ বজালৈ জাহাজ চলাচল সম্ভৱ হৈ উঠিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ এই অনুষ্ঠানতে পৰিবহণ বিভাগৰ ১২টা নতুন আধাৰযুক্ত অনলাইন সেৱাও উদ্বোধন কৰে৷ এই উপলক্ষে তেওঁ কয় যে আজি শুভাৰম্ভ হোৱা এই সেৱাসমূহে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়সমূহত মধ্যভোগী নিৰ্মূল কৰাৰ লগতে পৰিবহণ বিভাগৰ কাম-কাজ স্বচ্ছতাৰে সম্পাদন কৰাৰ দিশতো বিশেষ অৰিহণা যোগাব৷ যান-বাহনৰ শিকাৰুৰ অনুজ্ঞা-পত্ৰ, মালিকীস্বত্ব হস্তান্তৰকৰণ আদিকে ধৰি ইতিমধ্যে উপলব্ধ অনলাইন সেৱাসমূহৰ উপৰি আজি শুভাৰম্ভ হোৱা এই ১২টা সেৱাৰ পিছত দিল্লী চৰকাৰে পৰিবহণ খণ্ডত প্ৰদান কৰা এনে অনলাইন সেৱাতকৈ অসমে প্তটা অধিক অনলাইন সেৱা প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি পৰিবহণ বিভাগৰ ১২খন ইণ্টাৰচেপ্টৰ বাহনো ‘ফ্লেগ অফ্‌’ কৰে৷ এই উপলক্ষে তেওঁ কয় যে ৰাজ্য চৰকাৰে জনসাধাৰণক কঠোৰভাৱে পৰিবহণ বিভাগৰ সুৰক্ষা সম্বন্ধীয় নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ৩ান জনোৱাৰ ফলস্বৰূপে পথ দুৰ্ঘটনাত হতাহতৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে৷ মুখ্যমন্ত্ৰীয়ে আজি ‘প্ৰতিটো বিধানসভা সমষ্টিত ৫০গৰাকী যুৱক-যুৱতীক গাড়ীচালনাৰ দক্ষতা প্ৰশিক্ষণ আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ গাড়ীচালনাৰ অনুজ্ঞা-পত্ৰও বিতৰণ কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি পৰিবহণমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিভাগটোৰ সেৱা আৰু কাম-কাজৰ উন্নতিকল্পে প্ৰদান কৰা দিহা-পৰামৰ্শৰ বাবে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক ভূয়সী প্ৰশংসা কৰে৷ আজিৰ এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ উপৰি ৰাজ্য চৰকাৰৰ বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here