Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সলনি হ’ব নেতৃত্বৰ, অগ্ৰাধিকাৰ পাব যুৱ প্ৰজন্মই, ৰাজস্থানত কংগ্ৰেছৰ চিন্তন বৈঠক: কংগ্ৰেছত...

সলনি হ’ব নেতৃত্বৰ, অগ্ৰাধিকাৰ পাব যুৱ প্ৰজন্মই, ৰাজস্থানত কংগ্ৰেছৰ চিন্তন বৈঠক: কংগ্ৰেছত ঘটিব আমূল পৰিৱৰ্তন এক পৰিয়াল, এক টিকট

61
0


উদয়পুৰ, ১৩ মে’ ঃ
আগন্তুক কে’বাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা আৰু ২০২৪১ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে আজি ৰাজস্থানৰ উদয়পুৰত চিন্তন শিবিৰৰ আয়োজন কৰে৷ দলটোক আগন্তুক সময়ছোৱাত কেনেদৰে আগুৱাই নিয়া হ’ব আৰু নিৰ্বাচনৰ সময়ছোৱাত দলটো কেনেদৰে অৱতীৰ্ণ হ’ব, এনে বিষয়সমূহক লৈ চিন্তন শিবিৰত আলোচনা হয়৷ এই শিবিৰত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীসহ ৰাহুল গান্ধী, অজয় মাকনৰ লগতে দলটোৰ কমেও চাৰিশজন নেতা উপস্থিত থাকে৷ চিন্তন শিবিৰ সন্দৰ্ভত কংগ্ৰেছৰ নেতা অজয় মাকনে কয় যে আগন্তুক সময়ছোৱাত দলটোৰ নেতৃত্ব ৫০ শতাংশ যুৱকৰ হাতত অৰ্পণ কৰা হ’ব৷ যুৱ প্ৰজন্মক দলত অধিক প্ৰাধান্য দিয়া হ’ব৷ এনেসমূহ বিষয় লৈ আজি চৰ্চা হয় বুলি উল্লেখ কৰাৰ লগতে তেওঁ কয় যে দলৰ এটা পৰিয়ালৰ এজনকহে টিকট দিয়াৰ চিন্তা-চৰ্চা চলোৱা হৈছে৷ দলৰ ভিতৰত পাঁচ বছৰতকৈ অধিক সময় অতিবাহিত কৰা ব্যক্তিৰ পৰিয়ালৰ সদস্যকহে টিকট দিয়াৰ চিন্তা-চৰ্চা কৰা হ’ব৷ তেওঁ কয় যে কোনো ব্যক্তিয়ে যদি এটা পদবীত পাঁচ বছৰতকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰি আছে, তেওঁক পদত্যাগ কৰিবলৈ কোৱা হ’ব৷ এনে বিষয়েও আজিৰ চিন্তন শিবিৰত চৰ্চা হয় বুলি উল্লেখ কৰে অজয় মাকনে৷ উদয়পুৰত আৰম্ভ হোৱা তিনিদিনীয়া চিন্তন শিবিৰত কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কয় যে দলে আমাক বহু কিছু দিলে৷ এতিয়া ঋণ পৰিশোধ কৰা সময়৷ তেওঁ দলৰ নেতাসকলক কংগ্ৰেছৰ স্বাৰ্থৰ হকে কাম কৰিবলৈ আহ্বান জনায়৷ দলটোৰ ভিতৰত অসাধাৰণ পৰিস্থিতিৰ উদ্ভৱ হৈ আছে৷ উদ্ভৱ হোৱা এনে পৰিস্থিতি নাইকিয়া কৰিব লাগিব৷ দলটোক শক্তিশালী কৰিব লাগিব৷ জনতাৰ কাষ চাপিব লাগিব৷ তেওঁ বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি কয় যে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে ভয় আৰু অসুৰক্ষিত পৰিৱেশৰ সূচনা কৰিছে দেশত৷ সংখ্যালঘু লোকসকলক ভয়-ভাবুকি দিয়া হৈছে৷ ধৰ্মৰ নামত সমাজ বিভাজন কৰা হৈছে৷ সংখ্যালঘু লোকসকলো দেশৰে নাগৰিক বুলি তেওঁ উল্লেখ কৰি কয় যে চৰকাৰী স্বতন্ত্ৰ সংস্থাসমূহক অপব্যৱহাৰ কৰা হৈছে৷ বিৰোধী দলসমূহক লক্ষ্য কৰি চৰকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰা হৈছে৷ ইতিহাসক পুনৰ লিখাৰ চেষ্টা চলোৱা হৈছে৷ য’ত পণ্ডিত নেহৰুৰ ত্যাগ আৰু দেশবাসীৰ ত্যাগ ক্ৰমান্বয়ে হ্ৰাস কৰাৰ প্ৰয়াস কৰা হৈছে৷ গান্ধীক হত্যা কৰা লোকক তেওঁলোকে আদৰি লৈছে আৰু গান্ধীৰ সিদ্ধান্তসমূহ মোহাৰি পেলোৱাৰ চেষ্টা চলোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here