Home Main Stories সদনত নিয়ম-পৰম্পৰাক লৈ বিতৰ্ক; বিৰোধীৰ সদন ত্যাগ

সদনত নিয়ম-পৰম্পৰাক লৈ বিতৰ্ক; বিৰোধীৰ সদন ত্যাগ

91
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ জুলাই : আজিৰে পৰা আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশন। অধিৱেশনৰ আজি প্ৰথম দিনটোতেই নিয়ম আৰু পৰম্পৰাক লৈ একপ্ৰকাৰ এক হুলস্থ²লীয়া পৰিৱেশৰ সৃষ্টি হয়। প্ৰশ্নকালীন ঘণ্টাত পৰিপূৰক প্ৰশ্ন কোনে কিমান কৰিব পাৰে সেই লৈ প্ৰশ্নৰ অৱতাৰণা কৰে বিৰোধী পক্ষই। ইয়াৰ পৰাই আৰম্ভ হয় নিয়ম আৰু পৰম্পৰাৰ মাজত বিতৰ্ক। এনে বিতৰ্কৰ মাজতেই শূন্যকালীন ঘণ্টাৰ সময়ত পেট্ৰ’ল-ডিজেল আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিক লৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱৰ তিনিখন জাননীৰ কথা সদনত সদৰী কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। কিন্তু অধ্যক্ষই এই কথা সদৰী কৰি বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে। অধ্যক্ষই এনেদৰে সভা স্থগিত প্ৰস্তাৱ পোনছাটেই নাকচ কৰাত সৰৱ হৈ উঠে বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ বিধায়কসকল। বিৰোধী বিধায়কসকলৰ দাবী— সভা স্থগিত প্ৰস্তাৱৰ কাৰণ ব্যাখ্যা বিৰোধীক কৰিবলৈ নিদিয়াকৈ কিয় অধ্যক্ষই পোনে পোনে নাকচ কৰিব। বিৰোধীৰ এনে দাবীক অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদন পৰিচালনাৰ কোন বিধি মতে অধ্যক্ষই নাকচ কৰিব নোৱাৰে বুলি প্ৰশ্নৰ অৱতাৰণা কৰে। লগে লগে আৰম্ভ হয় সদনৰ নিয়ম আৰু পৰম্পৰাৰ মাজত টনাটনি। সদন পৰম্পৰাৰ দ্বাৰা চলিব লাগে বুলি দাবী কৰে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ বিধায়সকলে। পৰম্পৰাৰ বিষয়টো উত্থাপন হোৱাৰ লগে লগে সদন কেনেকৈ চলিব সেই লৈ প্ৰায় বিপাঙত পৰে অধ্যক্ষ। সদনত এনেদৰে পৰম্পৰা আৰু নিয়মক লৈ বিতৰ্ক হোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই থিয় হৈ নিজ বক্তব্য ৰাখি কয় যে সদন পৰিচালনা কৰাত অধ্যক্ষৰ ৰুলিঙেই হ’ব শেষ ৰুলিং। পৰম্পৰা মতে চলিব নে সদন নিয়ম মতে চলিব সেই লৈ Business Advisory Committeeত ঠিক কৰি লওক বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। কিন্তু বিৰোধী কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ভৰত নৰহ নাছোড়বান্দা। নৰহৰ দাবী- সদন কেৱল নিয়মৰ দ্বাৰাই নচলে; সদন পৰম্পৰাৰ দ্বাৰাও পৰিচালিত হয়। লগে লগে অধ্যক্ষই মাত দিয়ে যে পৰম্পৰা আৰু নিয়ম বেলেগ। এই বিষয়ে Business Advisory Committeeত সিদ্ধান্ত লোৱা উচিত বুলি কয় অধ্যক্ষই। এই প্ৰসংগত মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অধ্যক্ষৰ কোনো ভুল হোৱা নাই বুলি সদনত মন্তব্য কৰে। ইয়াৰ মাজতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীয়ে সভা স্থগিত বিষয়ত বিৰোধীক ব্যাখ্যা কৰিবলৈ দিব লাগে বুলি মন্তব্য কৰে। যিহেতু মুখ্যমন্ত্ৰীয়েও বিষয়টো আলোচনা হওক বুলি কৈছে। শাসক-বিৰোধীয়ে অধ্যক্ষৰ ৰুলিঙক লৈ সদনৰ নিয়ম আৰু পৰম্পৰাক লৈ ব্যাপক চৰ্চা কৰাৰ পিছত অৱশেষত অধ্যক্ষই পূৰ্বৰ পৰম্পৰা মতে বিৰোধীক সভা স্থগিত প্ৰস্তাৱৰ কাৰণ ব্যাখ্যা কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ পিছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সভা স্থগিত প্ৰস্তাৱৰ সমৰ্থনত বক্তব্য ৰাখে। দেৱব্ৰত শইকীয়াৰ পিছত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম আৰু চিপিআই(এম-এল)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে সভা স্থগিত প্ৰস্তাৱৰ সমৰ্থনত বক্তব্য ৰাখে। বিৰোধীৰ বক্তব্যৰ পিছত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে পেট্ৰ’ল-ডিজেলৰ বিষয়টো ৰাজ্য চৰকাৰৰ নহয়। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিষয় বুলি সভা স্থগিত প্ৰস্তাৱ গ্ৰাহ্য কৰিব পৰা নাযায় বুলি সদনত যুক্তি দিয়ে। ইয়াৰ লগে লগে অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ নাকচ কৰে। অধ্যক্ষই বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত সৰৱ হৈ পৰে বিধায়কসকল। এটা সময়ত অধ্যক্ষৰ আসনৰ ওচৰলৈ গৈ কংগ্ৰেছ-ইউডিএফৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এনে প্ৰতিবাদৰ মাজতেই অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ নাকচ কৰাত বিৰোধী দল কংগ্ৰেছ, ইউডিএফ, চিপিআইএম-এলৰ বিধায়কসকলে সদন ত্যাগ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here