Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় লেফটেণ্টেত জেনেৰেল চান্নিৰা বংশী পোনাপ্পাক চীফ অৱ ডিফেন্স ষ্টাফৰূপে নিয়োগ

লেফটেণ্টেত জেনেৰেল চান্নিৰা বংশী পোনাপ্পাক চীফ অৱ ডিফেন্স ষ্টাফৰূপে নিয়োগ

415
0


নতুন দিল্লী, ১৬ ফেব্ৰুৱাৰী: ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটৰ মৃত্যুৰ পিছত কোন হ’ব পৰৱৰ্তী চিডিএফ তাক লৈ চৰ্চা চলি থকাৰ মাজতেই আজি লেফ্‌টেনেণ্টত জেনেৰেল চান্নিৰা বংশী পোনাপ্পাক দ্বিতীয়গৰাকী চীফ অৱ ডিফেন্স ষ্টাফৰূপে নিয়োগ কৰা হৈছে৷ আনহাতে, নৌসেনাৰ প্ৰাক্তন উপ-প্ৰধান ভাইচ এডমিৰেল জি অশোক কুমাৰে ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয়ত প্ৰথম ৰাষ্ট্ৰীয় সামূদ্ৰিক সুৰক্ষা সমন্বয়ক হিচাপে নিয়োগ কৰা হৈছে৷ এই কথা প্ৰকাশ কৰিছে ভাৰতীয় সেনাই৷ ভাৰতীয় সেনাই টুইটাৰৰ জৰিয়তে লেফ্‌টেনেণ্টত জেনেৰেল চান্নিৰা বংশী পোনাপ্পাই এই পদৰ বাবে নিযুক্ত হোৱাত নিজকে গৌৰৱ প্ৰকাশ কৰে৷ উল্লেখ্য যে এডমিৰেল জি অশোক কুমাৰে ১৯৮২ চনৰ ১ জুলাইত ভাৰতীয় নৌ সেনাৰ এক্সিকিউটিভ শাখাত অন্তৰ্ভুক্ত হৈছিল৷ তেওঁ অমৰাবতি নগৰৰ সৈনিক স্কুল আৰু পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ছাত্ৰ আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here