
দুয়োৰে সন্তান জন্মৰ পাছৰে পৰা অনুৰাগীসকল অধীৰ আগ্ৰহেৰে ৰৈ আছিল সন্তানৰ চেহেৰা চাবলৈ ৷ অৱশেষত ৰঙালী বিহুতে সেই আশা পূৰণ হ’ল ৷
প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হোৱাৰ গৌৰৱ লাভ কৰা বৰষা-ভাস্কৰে অসমীয়া নৱবৰ্ষ তথা ব’হাগ বিহুৰ সময়তে তেওঁলোকৰ কন্যাৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি অনুৰাগীসকললৈ আগবঢ়ালে এটি সুন্দৰ উপহাৰ ৷ গোঁসাই বিহুৰ দিনটোতে দুয়োৱে যুটীয়াভাৱে কন্যাৰ আলোকচিত্ৰ ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ।
ইনষ্টাগ্ৰামত কন্যাৰ ৫ খনকৈ ফটো শ্বেয়াৰ কৰি অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই । দ্বীপ জে দাসৰ কেমেৰাত প্ৰাণ পাই উঠা ফটোকেইখন পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে কেপশ্যনত লিখিছে, “আদিত্ৰী বৰুৱা !❤️Presenting AADITRI BORUAH ❤️ আশীৰ্বাদ কৰিব দেই 🙏🏻❤️ ৷”