
১/আনৰ ভূলৰ পৰা শিকা , নিজৰ ওপৰত প্ৰয়োগ কৰি শিকালৈ তোমাৰ আয়ুষ শেষ হৈ যাব ।
২/কোনো ব্যক্তিয়ে সম্পূৰ্ণ চিধা চাধা হব নালাগে কিয়নো – চিধা বৃক্ষ আৰু চিধা ব্যক্তি প্ৰথমে কটা যায় ।
৩/ যদি কোনো সাপ বিষাক্ত নহয় তেনেহলে সি নিজকে বিষাক্ত দেখাব লাগে । যদিও বা দংশন কৰিব নোৱাৰে সি যেন দংশন কৰিব পাৰে তেনেদৰে আনক দেখাব লাগে ।
৪/ সকলো বন্ধুত্বত এটা স্বাৰ্থ লুকাই থাকে এইটো হৈছে এটা কঠোৰ সত্য ।
৫/কোনো কাম কৰাৰ আগতে নিজক তিনিটা প্ৰশ্ন সুধিব লাগে -মই এইটো কিয় কৰিব গৈছো , ইয়াৰ পৰিনাম কি হ’ব , মই সফল হ’ম নে ?
৬/ ভয়ক ওচৰলৈ আহিব দিয়া , আৰু ওচৰ আহি পালেই ইয়াক আক্ৰমন কৰা ।
মানে ভয়ৰ পৰা নপলাবা ইয়াৰ সৈতে যুজ কৰা ।
৭/ পৃথিবীৰ সকলোত কৈ শক্তিশালি বস্তু হৈছে , পুৰুষৰ বিবেক আৰু মহিলাৰ সুন্দৰতা ।
৮/ হাতত লোৱা কাম সম্পাদন কৰা , পৰিনামলৈ ভয় নকৰিবা ।।
৯/সুগন্ধি সেই ফালেহে যায় যি ফালে বতাহ বলে , কিন্তু ভাল কামৰ সুগন্ধ চাৰিও বিয়পি যায় ।
১০/ ঈশ্বৰ চিত্ৰত নহয় , চৰিত্ৰত থাকে । নিজৰ আত্মাক মন্দিৰ বনোৱা ।।
১১/ ব্যক্তি নিজৰ আচৰণৰ দ্বাৰা মহান হয় , জন্মৰ দ্বাৰা নহয় ।
১২/ সেই সকল ব্যক্তি যি তোমাৰ স্তৰত কৈ ওপৰৰ বা তলৰ তেনে লোকৰ লগত বন্ধুত্ব নকৰিবা , তুমি কষ্ট পাবা , বন্ধুত্ব কেবল নিজৰ স্তৰৰ ব্যক্তিৰ লগত হে কৰিব লাগে ।।
১৩/ নিজৰ সন্তানক ৫ বছৰলৈ খুব মৰম কৰা , ৫ ৰ পৰা ১৫ বছৰলৈ কঠোৰ অনুশাষন আৰু সংস্কাৰ দিব লাগে আৰু তাৰ পাছত তেওঁলোকৰ লগত বন্ধুৰ দৰে ব্যবহাৰ কৰিব লাগে , তোমাৰ সন্তান তোমাৰ ভাল বন্ধু হব পাৰে ।
১৪/অজ্ঞানীৰ বাবে কিতাপ আৰু অন্ধ মানুহৰ বাবে দাপোন একে কামৰ বাবে উপযোগী ।
১৫/শিক্ষা সকলোতকৈ ভাল বন্ধু , শিক্ষিত ব্যক্তিয়ে সকলোতে সন্মান পাই ,
শিক্ষাৰ শক্তিৰ আগত যুৱ শক্তি আৰু সৌন্দয্য শক্তি ম্লান পায় ।