
শিশুৰ সুৰক্ষাৰ বাবে চৰকাৰে পুনৰ পদক্ষেপ গ্ৰহণ কৰিছে।
এইবাৰ চৰকাৰে নিষিদ্ধ কৰিলে শিশুৰ কেইবাবিধো কাহৰ ঔষধ। ৪ বছৰৰ তলৰ শিশুৰ বাবে কিছু ঔষধ নিষিদ্ধ কৰিছে চৰকাৰে। চৰকাৰে নিষিদ্ধ কৰা ঔষধবোৰ কাহৰ চিকিৎসাত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল।
ভাৰত চৰকাৰৰ ঔষধ নিয়ন্ত্ৰকে ঔষধ কোম্পানীসমূহক লেবেল আৰু পেকেজত সতৰ্কবাণী স্পষ্টকৈ লিখিবলৈও নিৰ্দেশ দিছে। কাহৰ চিকিৎসাৰ বাবে চৰকাৰে নিষিদ্ধ কৰা কাহৰ চিৰাপসমূহৰ ভিতৰত আছে কেইবাটাও নামী-দামী কোম্পানীৰ ঔষধ।
আচলতে এই ঔষধবোৰ যিবোৰ প্ৰস্তুতিৰে তৈয়াৰ কৰা হয়, সেইবোৰ ৪ বছৰৰ তলৰ শিশুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। যাৰ বাবে এই কথা আগত ৰাখি এই পদক্ষেপ লৈছে চৰকাৰে।
চৰকাৰী অধিসূচনা অনুসৰি ক্ল’ৰফেনিৰামাইন মেলেট আৰু ফেনাইলফ্ৰিন হাইড্ৰ’ক্লৰাইডৰ ফিক্সড ড’জ কম্বিনেচন (এফডিচি)ৰ সকলো প্ৰস্তুতিৰ বিক্ৰী, উৎপাদন আৰু বিতৰণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ১৫ এপ্ৰিলৰ এক অধিসূচনাত কোৱা হৈছে যে ঔষধ নিৰ্মাতাসকলে যদি তেওঁলোকৰ লেবেল আৰু পেকেজ ইনছাৰ্টত “চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত নিৰ্দিষ্ট মাত্ৰাৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব নালাগে” বুলি সতৰ্কবাণী উল্লেখ কৰাৰ লগতে ইয়াৰ প্ৰচাৰৰ সময়তো তেওঁলোকৰ কাৰ্য্যকলাপ অব্যাহত ৰাখিব পাৰিব।
ইটিৰ প্ৰতিবেদন অনুসৰি ড্ৰাগছ টেকনিকেল এডভাইজাৰী ব’ৰ্ড (ডিটিএবি) আৰু বিষয় বিশেষজ্ঞ সমিতিয়ে এফডিচি পৰীক্ষা কৰি একে সংমিশ্ৰণৰ সকলো প্ৰস্তুতি ৪ বছৰৰ তলৰ শিশুৰ ব্যৱহাৰৰ বাবে নিষিদ্ধ কৰিব লাগে বুলি পৰামৰ্শ দিয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।
নিষিদ্ধ এফ ডি চি হৈছে চৰ্দি আৰু এলাৰ্জীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা বহুতো অভাৰ দ্য কাউণ্টাৰ (OTC) ঔষধ আৰু চিৰাপত পোৱা এটা সাধাৰণতে ব্যৱহৃত সূত্ৰ।