Home বৰপেটা হাউলীত সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা প্ৰদান অনুষ্ঠান...

হাউলীত সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

149
0



গণ বাৰ্তা, হাউলী, ৫ ছেপ্তেম্বৰ : ৬০ সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ছাবলাইম ফাউণ্ডেচনৰ উদ্যোগত সাহিত্যিক পেঞ্চনাৰ দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে দিনৰ ২ বজাত ফাউণ্ডেচন খনৰ সঞ্চালক ড০ দেৱান নজৰুল কাদিৰৰ পৌৰোহিত্যত ছাবলাইম একাডেমী প্ৰাংগণত অনুষ্ঠিত হয়।  সভাত আদৰণী ভাষণ আগবঢ়ায় দেৱান ছিৰাজ মনিৰে। উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, সাহিত্যিক আতোৱাৰ ৰহমান, বৰপেটাৰ বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্যিক আবুল হুছেইনক ২০২০-২১ বৰ্ষৰ সাহিত্যিক পেঞ্চনাৰ দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে ফাউণ্ডেচনখনৰ সঞ্চালক ড০ দেৱান নজৰুল কাদিৰে। সভাত বঁটাপ্ৰাপক, অৱসৰপ্ৰাপ্ত অধ্যাপক আতোৱাৰ ৰহমানে কয় যে সকলো জাতি-জনগোষ্ঠিক একেলগে আগবঢ়াই নিলেহে অসম আগবাঢ়ি যাব। এই ক্ষেত্ৰত মুছলিমসকলে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছপৰি থাকিলে অসমীয়া জাতি আগবাঢ়ি যাব নোৱাৰে। এই ক্ষেত্ৰত মুছলিমসকলৰ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত অধিক মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনায়। তদুপৰি ১৯৬৮ চনত অসমত মুছলিম  নাৰী শিক্ষিতা নাছিল, বৰ্তমান মুছলিম নাৰী কিছু শিক্ষিতা হৈছে বুলি মন্তব্য কৰে। নাৰী শিক্ষাৰ প্ৰতি অধিক মনোযোগ দিবলৈ মুছলিম সমাজক আহ্বান জনায়। উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ আৰু আবুল হুছেইনেও সৰ্বপল্লী ৰাধাকৃষ্ণণ, প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আবুল কালাম আৰু সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত দেৱান আব্দুল কাদিৰৰ সাহিত্য চৰ্চাৰ ওপৰত আলোকপাত কৰি চমু বক্তব্য আগবঢ়ায়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাসকলৰ লগতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here