Home Main Stories #LiveUpdates Videos | পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ

#LiveUpdates Videos | পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ

32
0

কেবিনেট মন্ত্ৰী হিচাপে ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, ইউ জি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য, চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, ৰনোজ পেগু, সঞ্জয় কিষাণ, যোগেন মহন, অজন্তা নেওগ, অশোক সিংঘাল, পীয়ুষ হাজৰিকা, বিমল বৰাৰ গোপনীয়তাৰ শপত

কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আজি ড০ হিমন্ত বিশ্ব শৰ্মাই ১৫ সংখ্যাক অসমৰ মুখ্যমন্ত্ৰীৰৃপে শপত গ্ৰহণ কৰে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ মে’ : দীৰ্ঘদিনীয়া স্বপ® পূৰণ হ’ব। সকলো ধৰণৰ জল্পনা-কল্পনা আৰু উৎকণ্ঠাৰ অৱসান ঘটাই আজি অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। চাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে আন ১৩গৰাকী সদস্যই কেবিনেট মন্ত্ৰী হিচাপে গোপনীয়তাৰ শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পিছতেই অগপৰ সভাপতি অতুল বৰা আৰু ইউপিপিএলৰ নেতা ইউ জি ব্ৰহ্মই কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অতুল বৰাই অসমীয়াতে শপতবাক্য পাঠ কৰাৰ লগতে ইউ জি ব্ৰহ্মই বড়ো ভাষাত শপতবাক্য পাঠ কৰে। তাৰ পিছতেই পৰিমল শুক্লবৈদ্য, চন্দ্ৰমোহন পাটোৱাৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পৰিমল শুক্লবৈদ্যই বাংলা ভাষাত শপতবাক্য পাঠ কৰে। একেদৰে কেশৱ মহন্ত, ড০ ৰণোজ পেগু, সঞ্জয় কিষাণ আৰু যোগেন মহনে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে ন-বিজেপি নেত্ৰী অজন্তা নেওগে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানতেই ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। সিংঘালে ইংৰাজী ভাষাত শপতবাক্য পাঠ কৰে। সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সোঁহাতস্বৰূপ পীয়ূষ হাজৰিকা আৰু বিমল বৰায়ো কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীসহ ১৪গৰাকী সদস্যই আজি শপত গ্ৰহণ কৰে যদিও বাতৰি লিখা পৰলৈকে কোনে কি দপ্তৰ লাভ কৰিছে সেয়া জানিব পৰা হোৱা নাই। আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকল, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, কেইবাগৰাকীও সাংসদ, নৱনিৰ্বাচিত বিধায়কসকল, বিৰোধী দলৰ কেইবাগৰাকীও নেতা, ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ, পত্নী তথা পৰিয়ালৰ আন সদস্যসকল আৰু বহুসংখ্যক গণ-মান্য ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here