Home Main Stories ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰী লৈ আৰক্ষীৰ গুলীচালনা : উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰী লৈ আৰক্ষীৰ গুলীচালনা : উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

181
0

গণবাৰ্তা ৰঙিয়া ৫ জানুৱাৰী : ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে ৰঙিয়াৰ জয়ন্তীপুৰৰ পিটাম্বৰ হাটবজালীত চদ্মবেশী আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী লৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন কৰে ড্ৰাগছ সৰবৰাহকাৰী জন হৈছে জয়ন্তীপুৰৰ ৰেকিব আলী ওৰফে ফইজৰ। উল্লেখযোগ্য যে  দিনৰ ভাগৰ পৰা ছদ্মবেশত ৰৈ আছিল ৰঙিয়া আৰক্ষীৰ অভিযানকাৰী দলটো। ধাননি পথাৰত নৰা দাই থকা চদ্মবেশী আৰক্ষীৰ দলটোৱে শেষ মুহূৰ্তত ৰেকিবক আটক কৰিবলৈ লওতে ড্ৰাগছ সৰবৰাহকাৰী ৰেকিবে এন্ধাৰৰ সুযোগ বুজি পলায়ন কৰে। উপায়ন্তৰ হৈ আৰক্ষীয়ে ৰেকিব আলী ওৰফে ফইজৰলৈ লক্ষ্য কৰি দুই জাই  গুলীচালনা কৰে যদিও আৰক্ষীৰ চকুত ধুলি দি ৰেকিবে পলায় যাবলৈ সক্ষম হয়। অৱশেষত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ৰেকিব আলীৰ ড্ৰাগছৰ ঘাটিত অভিযান চলাই ড্ৰাগছৰ ঘাটিটো উৎখাত কৰাৰ লগতে ৫১ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। আৰক্ষীয়ে ৰেকিব আলীৰ বায়েক ৰেবিনা বেগমক  আটক কৰি অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here