মাইনু মৰাণ,ডুমডুমা, ১১ জানুৱাৰী : কাইলৈ তিনিচুকীয়া জিলা স্থানীয় বন্ধ। এই ঘোষণা জিলা প্ৰশাসনে কৰিছে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে সমগ্ৰ জিলাতে প্ৰযোজ্য হোৱাকৈ ১২ জানুৱাৰী ২০২২ বুধবাৰে স্থানীয় বন্ধৰ দিন ঘোষনা কৰিছে। উক্তদিনা চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব।