
অকলশৰীয়া হব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃৎপাল সিং। NSA ৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা অমৃৎপাল সিং সহ ১০ গৰাকী কাৰাবন্দীৰ ভিতৰত আজি নৱম গৰাকী পাপলপ্ৰীত সিংক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পঞ্জাৱলৈ স্থানান্তৰিত কৰা হব। বিগত প্ৰায় দুটা বছৰ ধৰি অমৃৎপাল সহ দহ গৰাকী খালিস্তানী নেতা NSA ৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল। যোৱা ১৭ মাৰ্চৰ পৰা এওঁলোকক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাৱলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। জানিব পৰা মতে পাপলপ্ৰীত সিঙৰ NSA ৰ ম্যাদ আজি সমাপ্ত হৈছে।