
ছেলিম সেখ,ধুবুৰী ২৬ এপ্ৰিল, ধুবুৰীৰ আদালৰ শুভ উদ্বোধন কৰে,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইৰ লগতে থাকে ন্যায়ধীশ সৌমিত্ৰ শৈকীয়া , ধুবুৰী জিলা সত্ৰ আৰু ন্যায়াধীশ বাবলু দাস সহ বহু বিষয়া কৰ্মচাৰী আৰু বিশিষ্ট ব্যক্তিয়ে। আজি উদ্বোধন কৰা নৱ নিৰ্মীত আদালতৰ লগত জড়িত হৈ আছে এক কলংকিত ইতিহাস । উপেন ৰাজখোৱা, যি সংঘটিত কৰিছিল চাৰি টাকৈ লোমহৰ্ষক হত্যা কাণ্ড । তেওঁ কোনো সাধাৰন ব্যক্তি নাছিল । তেওঁ আছিল এজন ন্যায়াধীশ । কিন্তু এগৰাকী ন্যায়াধীশ হৈয়ো তেওঁ পাৰিবাৰিক অশান্তিৰ বাবে সংঘটিত কৰিছিল চাৰিটাকৈ হত্যা কাণ্ড । এই হত্যা কাণ্ড সংঘটিত কৰিছিল তেওঁ ধুবুৰীত থকা চৰকাৰী বাংলোত । তেওঁ ধুবুৰী সত্ৰ আদালতৰ সত্ৰ ন্যায়াধীশ হৈ থকা অৱস্থাতে সংঘটিত কৰিছিল এই ভয়ংকৰ হত্যাকাণ্ড । তেওঁৰ তিনি গৰাকী কন্যা আৰু পত্নীক হত্যা কৰি বাংলো চৌহদত পুতি থৈছিল তেওঁ । হত্যাকাণ্ডটো সংঘটিত হৈছিল ১৯৭০ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে । ঘটনাটো পোহৰলৈ আহাৰ পিছত আৰম্ভ হৈছিল আইনী প্ৰক্ৰিয়া । সেই আইনী প্ৰক্ৰীয়াত তেওঁক ফাঁচীৰ ৰায়দান দিয়া হৈছিল । আদালতৰ ৰায়দান হিচাপে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল তেওঁক । আজি এয়া এক ইতিহাস । চাৰিটা দশক ধৰি উপেন ৰাজখোৱা ব্যাৱহাৰ কৰা বাংলোটো পৰিনত হৈ আছিল ভূত বাংলোত । এতিয়া সেই স্থানত নিৰ্মান কৰা হৈ আছে ঐতিহাসিক ধুবুৰীৰ নতুন আদালত চৌহদ ।
এই ছয় মহলীয়া নতুন ধুবুৰী আদালত বিল্ডিঙৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভাৰ আয়োজন কৰা হয় । সভাখনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ বিজয় বিষ্ণই , ন্যায়াধীশ সৌমিত্ৰ শৈকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশ ধুবুৰী বাবলু দাস , ধুবুৰী অধিবক্তা সন্থাৰ সভাপতি অধিবক্তা এন আই চৌধুৰী , ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথ সভাখনত উপস্থিত থাকে ।জাতীয় সংগীতেৰে আৰম্ভ হয় সভাৰ কাম । জাতীয় সংগীতৰ পিছত পেহেলগামত উগ্ৰপন্থীৰ গুলিত মৃতকৰ সদগতিৰ বাবে দুই মিনিট মৌনতা অৱলম্বন কৰা হয় ।
ফুলাম গামোচা আৰু টেৰাকোটাৰ পাত্ৰত ৰোপন কৰা গছেৰে সম্বোৰ্ধনা জনোৱা হয় ।
অধিবক্তা সন্থাৰ তৰফৰ পৰা ফুলাম গামোচা শৰাই আৰু জাপিৰে সম্বৰ্দ্ধনা জনোৱা হয় ।
বন্তি প্ৰজ্বলন কৰে ,তাৰ পিছত স্বৰস্বতী বন্দনাৰে সভা আৰম্ভ হয়। ধুবুৰী জিলা আৰু সত্ৰ ন্যায়াধীশ বাবলু সুত্ৰধৰে তেওঁৰ ভাষনত কয় যে -১৮২৬ চনত ধুবুৰী জিলা আদালতৰ স্থাপন কৰা হয় ৷ ১৮৮০ ধুবুৰী উকিল সন্থাৰ গঠন কৰা হয় । ১৯৬৭ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত স্থাপন কৰা হয় হৈছে বুলি মন্তব্য কৰে ৷ থকা অসুবিধা আৰু অভাৱ সমূহ নতুন বিল্ডিঙৰ উদ্বধনে দূৰ কৰিব । আৰু আদালতৰ সময়ো বহু ৰাহি কৰিব । নতুন আদালত বিল্ডিঙত ২০ আদালত চলাব পৰা যাব । এতিয়া ১৩ আদালত চলিব এই নতুন আদালত বিল্ডিঙত । ই-কোৰ্ট সুবিধাও থাকিবও থাকিব ।