
ছেলিম সেখ,ধুবুৰী ২৩ এপ্ৰিল,পেহেলগামত হিন্দু পৰ্যটকৰ নৰসংহাৰৰ প্ৰতিবাদত আজি ধুবুৰীত এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়িত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)য়ে। সংগঠনটোৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰী চহৰৰ মাজমজিয়াৰ পাঁচমোৰত ৰূপায়িত হোৱা সেই প্ৰতিবাদ কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদী নিপাত যাওক, আমি বিচাৰোঁ চাৰ্জিকেল ষ্ট্ৰাইক, ভাৰত মাতা কি জয় আদি শীৰ্ষক বিভিন্ন শ্লোগানেৰে প্ৰতিবাদথলী উত্তাল কৰি তোলে। আনকি প্ৰতিবাদ কাৰ্যসূচীৰ মাজতে অকষ্মাতে পাকিস্তানৰ প্ৰতিকী পতাকা আৰু প্ৰতিকী সন্ত্ৰসাবাদীৰ জুমুঠিও দাহ কৰে প্ৰতিবাদকাৰীসকলে। ইপিনে পাকিস্তানৰ বিৰুদ্ধে Surgical Strike’ৰ লগতে পাকিস্তানক মেপৰ পৰা আতৰাই পেলাবলৈ ভাৰত চৰকাৰ লৈ দাবী প্ৰতিবাদকাৰী সকলৰ।