
ঠায়ে-ঠায়ে জাৰি Orange Alert!
আগন্তুক ৪ দিনত ২১ ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ শেহতীয়াকৈ দ্ৰুতগতিত সলনি হৈছে বতৰ। ক’ৰবাত যদি আকৌ উৎকট গৰমে দহিছে, ক’ৰবাত আকৌ নেৰা-নেপেৰা বৰষুণ। দেশৰ কেইবাটাও স্থানত বৰষুণ আৰু ধুমুহাৰ ফলত তাপমাত্ৰা যথেষ্ট হ্ৰাস পায়।এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰাই ৰাজ্যজুৰি গৰম, আৰ্দ্ৰতা, গৰমৰ ঢৌ দেখা গৈছে। কিন্তু যোৱা ২ দিনত হোৱা ধুমুহা আৰু বৰষুণৰ বাবে দিল্লী-এনচিআৰত পাৰাৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে।আই এম ডিৰ শেহতীয়া পূৰ্বাভাস অনুসৰি অহা ৬ দিনলৈ দিল্লীবাসীয়ে গৰমৰ ঢৌৰ পৰা সকাহ পাব পাৰে। একে সময়তে ৰাজস্থান, গুজৰাট, হাৰিয়ানা, পঞ্জাৱকে ধৰি বহু ৰাজ্যত আগন্তুক কেইদিনমানৰ বাবে গ্ৰীষ্ম ঢৌৰ পৰিস্থিতি বিৰাজ কৰিব।আগন্তুক ৪৮ ঘণ্টাত দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা ২ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত ২-৩ ডিগ্ৰী চেলছিয়াছলৈ উষ্ণতা বৃদ্ধিৰ সম্ভাৱনা আছেবতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে যে অহা ২২ এপ্ৰিল মঙলবাৰৰ পৰা উত্তৰ-পূব ভাৰতৰ আটাইকেইখন ৰাজ্যতে নতুনকৈ প্ৰচণ্ড বৰষুণৰ বতৰ আৰম্ভ হ’ব। প্ৰবল বতাহ আৰু শিলাবৃষ্টিৰ সতৰ্কবাণী।বতৰ বিজ্ঞান বিভাগে ২১খন ৰাজ্যত ধুমুহা আৰু বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।তামিলনাডু, তেলেংগানা আৰু কেৰালাৰ বহু ঠাইত বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা আছে। জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।