
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৫ মে’: দৈনিক সোণৰ অসম কাকতৰ ‘সতীর্থ সাংবাদিক সন্মিলন’ শীৰ্ষক অনুষ্ঠানটো আজি গুৱাহাটী ক্লাবস্থিত চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষণ দি জ্যেষ্ঠ সাংবাদিক তথা দৈনিক গণ অধিকাৰ কাকতৰ কাৰ্যবাহী সম্পাদক চন্দ্ৰ কুমাৰ শইকীয়াই কয় যে বিশ্বজুৰি ডিজিটেল মিডিয়াই প্ৰসাৰ ঘটিছে যদিও ছপা মাধ্যম বা বাতৰিকাকতৰ গুৰুত্ব আৰু মৰ্যাদা হ্ৰাস পোৱা নাই৷ গ্ৰন্থমেলাত ৰাইজে যিদৰে কোটি কোটি টকাৰ কিতাপ কিনে আৰু কিতাপ পঢ়ে তেনেদৰে ছপা মাধ্যমৰ বাতৰিকাকতৰ প্ৰতিও আদৰ সদায় থাকিব৷ শইকীয়াই কয় য়ে দুটা বছৰ অতিক্ৰমী তৃতীয় বছৰত ভৰি দিয়া “দৈনিক সোণৰ অসম” কাকত খনকো আদৰি ল’ব সেয়া নিশ্চিত৷ তেওঁ লগতে কয় যে কাকত গোষ্ঠীয়ে টীম হৈ কাম কৰিলে কাকতৰ সামগ্ৰিক দিশটো ভাল হয় । দৈনিক সোণৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক ড° অৰিন্দম প্ৰিন্স পাংগিঙে আদৰণি বক্তব্য ৰাখে ৷ দৈনিক সোণৰ অসম কাকতৰ বাৰ্তা সম্পাদক শ্ৰীমন্ত দাসে উদ্দেশ্য ব্যাখ্যা কৰা সতীৰ্থ সন্মিলনত প্ৰবীণ সাংবাদিক ড° নৰেন হাজৰিকাই ভাষণ প্ৰসংগত কয় যে সমাজ এখন উত্তৰণত সাংবাদিকৰ অৰিহণা অপৰিহাৰ্য৷ সাংবাদিকসকলৰ সহযোগ আৰু প্ৰেৰণা থাকিলে এখন কাকত আগুৱাই যাব৷
দৈনিক সোণৰ অসম কাকত খনে সমন্বয়ৰ সেতু হ’ব এদিন বুলি চমু বক্তব্যত দৰং জিলাৰ বিশিষ্ট সাংবাদিক-সাহিত্যিক চহিৰ ভূঞাই উল্লেখ কৰে৷ অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী ড° মনোজ কুমাৰ পাটোৱাৰী, সংগীতজ্ঞ -লিখক হৃষীকেশ শইকীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়৷ কাকতখনৰ প্ৰকাশক তথা সম্পাদক ড° মৃদুল হাজৰিকাই সোণৰ অসম কাকতখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি সকলোৰে সহযোগিতা বিচাৰে আৰু পৰ্যায়ক্ৰমে কাকতখনৰ প্ৰচলন বৃদ্ধি তথা অন্যান্য কাৰিকৰী দিশৰ প্ৰতি গুৰুত্ব দিব বুলি আশ্বাস দিয়ে৷
সন্মিলনত ওদালগুৰি জিলাৰ বিশিষ্ট সাংবাদিক তথা নৰ্থ ইষ্ট লাইভ টুডে চেনেলৰ মুখ্য সম্পাদক দ্বীপেন ডেকাৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা কেইবাগৰাকীও সাংবাদিকে অংশগ্ৰহণ কৰে।