
গণ বাৰ্তা,বিশেষ,ধুবুৰী ২২ এপ্ৰিল,ধুবুৰী সদৰ থানাৰ সন্মুখত উতপ্ত পৰিস্থিতি ! প্ৰথম অৱস্থাত প্ৰাৰ্থীৰ অভিভাৱকক বিনা কাৰণত আৰক্ষীয়ে আটক কৰাৰ অভিযোগ তুলি থানা ঘেৰাও কৰি প্ৰতিবাদ কৰে সমৰ্থক সকলে ৷ সমৰ্থক সকলে শীঘ্ৰেই মুক্তিৰ দাবী জনোৱা পৰিলক্ষিত হয় ৷ কুদ্দুছ আলীৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষী থানাত ৰুজু হৈছে 45/25 নম্বৰৰ NDPS গোচৰ। সেই গোচৰৰ ভিক্তিত দক্ষিণ শালমাৰা আৰক্ষীৰ এটা দলে ধুবুৰী আৰক্ষীৰ সহযোগত ধুবুৰী নিউঘাটত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুদ্দুছ আলীক। কুদ্দুছ আলীক গ্ৰেপ্তাৰৰ সময়চোৱাত কনিষ্টবল আব্বাছ আলী মণ্ডল ৷ তাৰ কিছু মূহূৰ্ততে আব্বাছ মণ্ডলক থানাৰ সন্মুখত দেখাৰ লগে লগে উক্তেজিত হৈ পৰে প্ৰতিবাদকাৰী সকলে ৷ উক্তেজিত প্ৰতিবাদকাৰী সকলে জপিয়াই পৰে কনিষ্টবল আব্বাছ আলী মণ্ডলৰ ওপৰত । প্ৰতিবাদকাৰী সকলে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে কনিষ্টবল জনক । আৰক্ষীক আক্ৰমণ কৰা ১৩ জন কৈ আক্ৰমণ কাৰীক আটক কৰে সদৰ আৰক্ষীয়ে ।
উল্লেখ যোগ্য যে ধুবুৰী আয়ৰনজংলা ৩য় খণ্ডৰ ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী ৰাশিদা খাতুনৰ অভিভাৱকৰ ভাতৃক তিনিদিন পুৰ্বে ড্ৰাগছৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে পুনৰ আজি প্ৰাৰ্থী গৰাকীৰ অভিভাৱক কুদ্দুছ আলীক আৰক্ষীয়ে আটক কৰি অনাক কেন্দ্ৰ কৰি আৰক্ষীৰ ওপৰত ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰী সকলে। অৱশ্যে আইন হাতত তুলি ব্যক্তি সকলক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।
সংবাদদাতা : ছেলিম সেখ ধুবুৰী ।