
পাকিস্তানৰে সম্পৰ্ক থকাৰ অভিযোগ উঠা কংগ্ৰেছৰ সাংসদত গৌৰৱ গগৈৰ বিৰুদ্ধে নলবাৰীত স্থানীয় ৰাইজৰ প্ৰতিবাদ। নিৰ্বাচনী সভা চলি থকাৰ মাজতেই গৌৰৱ গগৈক ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। ‘গৌৰৱ গগৈ গ’ বেগ’, ‘পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ হুচিয়াৰ’, ‘গৌৰৱ গগৈ হায় হায়’ আদি শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে।
উল্লেখযোগ্য যে, আজি নলবাৰীত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল সাংসদ গৌৰৱ গগৈ। গোপনে পাকিস্তানলৈ গৈ ১৫ দিন কটাই অহাৰ অভিযোগ উঠা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লৈ ক্ষুণ্ণ হৈ পৰে ৰাইজ। যাৰ ফলত আজি সভা চলি থকাৰ মাজতে স্থানীয় ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। পৰিস্থিতি উত্তপ্ত হোৱা দেখি ৰাইজৰ ভয়ত অন্য পথেৰে পলায়ন কৰে সাংসদ গৌৰৱ গগৈয়ে।
উল্লেখ্য যে পাকিস্তানৰ সৈতে লিংক থকা বুলি সাংসদগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সাংসদগৰাকীয়ে পাকিস্তানলৈ যোৱা বিষয়টো উত্থাপন কৰিছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াযোগে গৌৰৱ গগৈৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰিছিল যদিও সাংসদগৰাকীয়ে উত্তৰ দিয়াৰ পৰা বিৰত আছিল। এনেবোৰ কাৰণতে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজ ক্ষুণ্ণ হৈ পৰিছিল। নলবাৰীৰ জনতাই ইতিমধ্যে সাংসদগৰাকীক নলবাৰীত প্ৰৱেশ নিষিদ্ধ কৰিছে৷ লুকাই-চুৰকৈ পাকিস্তানলৈ যোৱাৰ অভিযোগ উঠা কংগ্ৰেছৰ সাংসদগৰাকীয়ে আজি পৰ্যন্ত বিষয়টো স্পষ্ট নকৰাত স্বাভাৱিকতে ৰাইজে গৌৰৱ গগৈক সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে।