
নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৰাক উপত্যকাৰ তিন জিলাত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব তিনিখনকৈ বিশাল নিৰ্বাচনী জনসভা । হেলিকপ্টাৰ যোগে তিন জিলাত দলীয় প্ৰাৰ্থীৰ হৈ ভোট বিচাৰিব মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই। বৰাক উপত্যকাত মুখ্যমন্ত্ৰীয়ে প্ৰথমটো নিৰ্বাচনী জনসভা সম্বোধন কৰিব শ্ৰীভূমিৰ নিলামবজাৰ এলেকাৰ স্বামী বিৰজানন্দ বিদ্যালয়ৰ খেল পথাৰত ।
আজি হেলিকপ্টাৰ যোগে দিনৰ ১২.৪০ মিনিটত নিলামবজাৰ স্বামী বিৰজানন্দ বিদ্যালয়ৰ খেল পথাৰত অৱতৰণ কৰে মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা । নিৰ্বাচনী এই জনসভাত প্ৰচন্ড গৰম উপেক্ষা কৰি কেবাহাজাৰ লোক আজি উপস্থিত হয় । মুখ্যমন্ত্ৰীয়ে আজি মঞ্চত উপস্থিত হৈ পঞ্চায়ত নিৰ্বাচনৰ সমান্তৰালকৈ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰো ৰণডংকা বজাই । নিলাম বজাৰৰ এই সভা মঞ্চত কাৰ্যত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক টাৰ্গেট কৰা পৰিলক্ষিত হয় । আনকি মুখ্যমন্ত্ৰীৰ মুখত শোনা গ’ল কংগ্ৰেছৰ পঞ্চামৃত প্ৰসঙ্গ । অন্যহাতে মুখ্যমন্ত্ৰীয়ে আজি কেবাটাও গুৰুত্বপূৰ্ণ ঘোষনা দিয়ে । ৰন্ধন গেছৰ চিলিন্ডাৰ’ৰ দাম আগন্তুক দিনত ৬০০ টকা আৰু উজ্জ্বলাৰ আধিনত থকা হিতাধিকাৰীয়ে পাব ২৫০ টকা গেছ চিলিন্ডাৰ । শ্ৰীভূমিৰ চাৰিটা সমষ্টিয়ে পাচ হাজাৰকৈ অতিৰিক্ত অৰোনদয় কাৰ্ড লাভ কৰিব । জুন মাহৰ পৰা আত্ম সহায়ক গোটে লাভ কৰিব ১০ হেজাৰ টকা । মেট্ৰিক পৰীক্ষাৰ্থী সকলে কিতাপ ক্ৰয় কয়িবৰ চৰকাৰে প্ৰতি মাহে ৩০০ টকা বেংক একাউণ্ট যোগে প্ৰেৰণ কৰিব । অক্টোবৰ মাহৰ পৰা মিড ডে মিলৰ ৰন্ধন কৰ্মী আৰু আংগনবাদী কৰ্মীৰ দৰমহা বৃদ্ধি হ’ব। প্ৰখৰ ৰোদত প্ৰায় আধা ঘন্ঠাৰ ভাষনত মুখ্যমন্ত্ৰীয়ে বহু কথা ৰাইজক কৰালে অৱগত ।।