
পেহেলগামৰ নৃশংস আক্ৰমণত প্ৰাণ গ’ল অৰুণাচলৰ ২৭ বছৰীয়া টাগেৰ\\মঙলবাৰে বিয়লি হঠাৎ সন্ত্ৰাসবাদীয়ে পেহেলগামত বৰ্বৰভাৱে চলোৱা গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা ২৬জনৰ ভিতৰত এজন আছিল টাগে হালিয়াং। বায়ুসেনা বিভাগৰ প্ৰশাসনীয় সহযোগীৰূপে কৰ্মৰত আছিল ২৭ বছৰীয়া অৰুণাচলৰ টাগে হালিয়াং।পেহেলগামৰ সন্ত্ৰাসবাদী নৰসংহাৰৰ ঘটনাত প্ৰাণ হেৰুৱাসকলৰ ভিতৰত এজন অৰুণাচলৰ। টাগে হালিয়াং নামৰ অৰুণাচলৰ লোকজন বায়ুসেনা বিভাগত কৰ্মৰত আছিল। পত্নীৰ সৈতে পেহেলগামৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল টাগে হালিয়াং।মঙলবাৰে বিয়লি হঠাৎ সন্ত্ৰাসবাদীয়ে পেহেলগামত বৰ্বৰভাৱে চলোৱা গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা ২৬জনৰ ভিতৰত এজন আছিল টাগে হালিয়াং। বায়ুসেনা বিভাগৰ প্ৰশাসনীয় সহযোগীৰূপে কৰ্মৰত আছিল ২৭ বছৰীয়া অৰুণাচলৰ টাগে হালিয়াং।সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ ঘটনাত স্বামীহন্তা চাৰু কামহুৱা সম্প্ৰতি সুস্থ অৱস্থা আছে। অৰুণাচলৰ জিৰ’ত ঘৰ টাগে হালিয়াঙৰ। টাগে হালিয়াঙৰ দৰে কেইবাজনো লোকে হেৰুৱাইছে প্ৰাণ।এই বৰ্বৰ আক্ৰমণৰ এই ঘটনাত কেৱল পুৰুষক টাৰ্গেট কৰি লৈছিল সন্ত্ৰাসবাদীয়ে। এই নাৰকীয় আক্ৰমণত কেইবাগৰাকী মহিলাই হেৰুৱালে স্বামীক। পেহেলগামৰ মিনি ছুইজাৰলেণ্ড উপভোগ কৰিবলৈ গৈ নিজ আত্মীয়ক হেৰুৱাই শোকত ভাগি পৰিছে আত্মীয়সকল।