
ছেলিম সেখ,ধুবুৰী ২৭ এপ্ৰিল,নিৰ্বাচন আহিলেই ৰাজনৈতিক নেতা সকলৰ ফলিমাৰীত পকী দলং নিৰ্মাণৰ বাবে প্ৰধান প্ৰতিশ্ৰুতি হৈ পৰে যদিওঁ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈ থাকিল। আজিকোপতি নিৰ্মাণ কৰা নহল পূৰ্ণাঙ্গ পকী দলং। দেওবাৰে দিনা সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ ৰাইজৰ। উল্লেখযোগ্য যে ফলিমাৰী গাৱঁ পঞ্চায়তৰ পাঁচখনকৈ গাৱঁৰ প্ৰায় ২০ হাজাৰতকৈও অধিক লোকে বিপদ সংকুলভাবে বাঁহৰ দলঙেৰে যাতায়ত অব্যাহত ৰাখিছে । এই বাঁহৰ দলঙেৰেই শিক্ষাৰ্থীৰ লগতে ৰোগী, স্থানীয় ৰাইজে অহা যোৱা কৰিছে। পকী দলং নিৰ্মাণ নকৰাৰ বাবে এতিয়া এই ৫ খন গাঁৱৰ ৰাইজৰ কিবা জৰুৰীকালীন সমস্যা হ’লেও জৰুৰীকালীন সেৱা লাভত বিফল হৈছে। এতিয়া ৰাইজে মৰণক শৰণ দি এইদৰেই বাঁহৰ দলঙেৰেই যাতায়ত কৰি চলাই গৈছে দৈনন্দিন জীৱন যাত্ৰা। ৰাইজে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক এই ঠাইত এখন পকী দলং নিৰ্মাণ কৰি উক্ত অঞ্চলৰ ৰাইজৰ সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে।