
বটদ্ৰৱা ডুমডুমীয়া সংযোগী গড়কাপ্তানী পথৰ ৰামপুৰ সত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ঠিতাতে মৃত্যু এজন মটৰচাইকেল আৰোহীৰ। মৃত্যু ব্যক্তি গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।বটদ্ৰৱা ডুমডুমীয়া সংযোগী গড়কাপ্তানী পথৰ ৰামপুৰ সত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ঠিতাতে মৃত্যু এজন মটৰচাইকেল আৰোহীৰ।মটৰচাইকলেৰে ডুমডুমীয়া অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।নতুনকৈ নিৰ্মাণ কাৰ্য্য চলি থকা কালভাৰ্টৰ দ-গাতত পৰি মৃত্যু হয় অচিনাক্ত ব্যক্তি গৰাকীৰ।নিৰ্মাণকাৰ্য্য চলাই থকা প্ৰতিষ্ঠানে পথৰ ওপৰত কোনো সাংকেতিক চিহ্ন নিদিয়াৰ বাবেই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ। ঘটনাস্থলিত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃত্যু ব্যক্তি গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।