
কাশ্মীৰত পেহেলগামত সন্ত্ৰসবাদীৰ হাতত নিহত সকললৈ শ্ৰদ্ধাঞ্জলিৰ লগতে আত্মাৰ চিৰশান্তিৰ বাবে মৌন প্ৰাৰ্থনা বিহু উদযাপন সমিতিৰ।
ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বর্ষ উপলক্ষে উলিওৱা স্মৃতিগ্ৰন্থখনী পহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত নিহতসকলৰ নামত উচৰ্গা।
ৰাজ্যত অব্যাহত আছে ৰঙালী বিহুৰ উছাহ উদ্দীপনা।
বৰপেটাৰোডৰ গুৱাগাছাত গুৱাগাছা আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে বিগত ২৪টা বসন্ত গৰকী এইবেলি ভৰি দিছে ২৫ সংখ্যক অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষত।
ৰূপালী জয়ন্তী বর্ষ উপলক্ষে এইবেলি তিনিদিনীয়া বৰ্ণাঢ্য বিভিন্ন কৃষ্টিমূলক কাৰ্যসূচীৰে উদযাপন কৰিছে ৰঙালী বিহু।
তিনিদিনীয়া কার্যসূচীৰে উদযাপন কৰা ৰূপালী জয়ন্তী বর্ষৰ প্ৰথমদিনৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৰঙালী বিহু আৰু ৰূপালী জয়ন্তী বৰ্ষৰ ২৫ খন পতাকা উত্তোলন, স্মৃতি তৰ্পন আৰু কাশ্মীৰৰ পহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু আত্মাৰ চিৰশান্তি কামনাৰ্থে মৌন প্ৰাৰ্থনা, গছপুলি ৰোপন, বাৰেৰোহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু আবেলি মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
ৰূপালী জয়ন্তীবর্ষৰ তিনিদিয়া কাৰ্যসূচীত, মৌ কুঁৱৰী, বিহু কুঁৱৰী, আধুনিক নৃত্য, চিত্ৰাংকন, কুইজ,ভেকচন আদি বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা, মুকলি সভা আৰু বঁটা বিতৰণী সভা লগতে স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
উল্লেখনীয় যে গুৱাগাছা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ ৰূপালী জয়ন্তী বর্ষ উপলক্ষে গুৱাগাছাৰ ইতিহাস সম্পৰ্কে অসমৰ বিশিষ্ট সাহিত্যিক, লেখকৰ দ্বাৰা সমৃদ্ধ স্মৃতিগ্ৰন্থখন উচৰ্গা কৰিব কাশ্মীৰৰ পহেলগামত সন্ত্ৰাসবাদী হাতত নিহত সকলৰ নামত।
আনহাতে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা গুৱাগাছা আঞ্চলিক ৰঙালী বহু সন্মিলনীয়ে অন্তিম দিনৰ কাৰ্য্যসূচীৰ সাংস্কৃতিক সমাৰোহৰ বিশেষ আকৰ্ষণ হিচাপে আমন্ত্ৰণ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু কৌতুক অভিনেতা বিপুল ৰাভাক।