
গুৱাহাটী ২৯ মাৰ্চ: চেঙা সমষ্টিৰ চৰাঞ্চলৰ শতাধিক লোকৰ বিজেপিত যোগদান কৰাৰ গতি অব্যাহত। জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত চেঙা সমষ্টিৰ সক্রিয় বিজেপি কৰ্মী তথা যুৱনেতা অধিবক্তা হাফিজুৰ ৰহমান ভূঞা আৰু আলোপতি চৰ কাছুমাৰা মণ্ডল বিজেপিৰ সভাপতি জাকিৰ হুছেইনৰ নেতৃত্বত বিজেপিৰ যোগদান কাৰ্যসূচীত । যোগদান কাৰ্যসূচীত ৰামাপাৰা ধৰ্মপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত কেইবাগৰাকী ৰাইজ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।
চেঙা সমষ্টিৰ সক্রিয় বিজেপি কৰ্মী তথা যুৱনেতা অধিবক্তা হাফিজুৰ ৰহমান ভূঞাই অব্যাহত ৰাখিছে ২০২৬ বিধানসভা নিৰ্বাচনৰ ৰণডংকা।
চেঙা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ ৰাইজৰ মাজলৈ সোমাই যোৱা পৰিলক্ষিত হৈছে। যোৱা পঞ্চায়ত নিৰ্বাচনৰ পৰাই অধিবক্তা হাফিজুৰ ৰহমান ভূঞাৰ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা অব্যাহত ৰাখিছে। অধিবক্তা গৰাকীয়ে জানিব দিয়া মতে, ” চেঙা সমষ্টিৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি অভূতপূৰ্ব সহাঁৰি দিছে। ২০২৬ ৰ বিধানসভা নিৰ্বাচনত চেঙা সমষ্টিত ভাল ফলাফল লাভ কৰিব”।