
বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক বাণু মোস্তাক
ভাৰতীয় সাহিত্যিক তথা কন্নড় গল্পকাৰ বানু মোস্তাকে এইবৰ্ষৰ সন্মানীয় বুকাৰ বঁটা লাভ কৰিছে। কন্নড় গল্প সংকলনখনৰ ইংৰাজী অনুবাদ হাৰ্ট লেম্পলৈ এই বঁটা আগবঢ়োৱা হৈছে। কন্নড় গল্প সংকলনখনৰ ইংৰাজী অনুবাদ কৰা দীপা বস্তিকো বিশিষ্ট কন্নড় গল্পকাৰ গৰাকীৰ সৈতে বুকাৰ বঁটা আগবঢ়োৱা হৈছে\ভাৰতীয় সাহিত্যিক তথা কন্নড় গল্পকাৰ বানু মোস্তাকে এইবৰ্ষৰ সন্মানীয় বুকাৰ বঁটা লাভ কৰিছে। কন্নড় গল্প সংকলনখনৰ ইংৰাজী অনুবাদ হাৰ্ট লেম্পলৈ এই বঁটা আগবঢ়োৱা হৈছে। কন্নড় গল্প সংকলনখনৰ ইংৰাজী অনুবাদ কৰা দীপা বস্তিকো বিশিষ্ট কন্নড় গল্পকাৰ গৰাকীৰ সৈতে বুকাৰ বঁটা আগবঢ়োৱা হৈছে। প্ৰথমগৰাকী কন্নড় সাহিত্যিক হিচাপে বাণু মোস্তাকে বুকাৰ বঁটা লাভ কৰিছে।মঙলবাৰে লণ্ডনত বাণু মোস্তাক আৰু অনুবাদক দীপা বস্তিয়ে একেলগে বুকাৰ বঁটা গ্ৰহণ কৰে। হাৰ্ট লেম্প বাৰটা গল্পৰ একত্ৰ সংকলন। বাণু মোস্তাকে যোৱা ৩০ বছৰত ৰচনা কৰা গল্পৰ সংকলনখনত মূলত কৰ্ণাটকৰ মুছলমান মহিলাৰ জীৱন ধাৰণৰ কাহিনী গল্পৰ ৰূপত লিপিবদ্ধ হৈছে। হাৰ্ট লেম্পে বিশ্বৰ ভিন্ন প্ৰান্তৰ আন পাঁচ গৰাকী সাহিত্যিকক পিছ পেলাই ইংৰাজী মৌলিক সাহিত্যৰ বাবে প্ৰতিবছৰে প্ৰদান কৰি অহা এই সন্মনীয় বঁটা লাভ কৰে\
লক্ষণীয়ভাৱে গল্পৰ বাবে বুকাৰ বঁটা লাভ কৰা বাণু মোস্তাক প্ৰথমগৰাকী সাহিত্যিক