
পঞ্চায়ত নিৰ্বাচনত ভূৱা শিক্ষাগত অৰ্হতা জমা দি নিৰ্বাচনত জয়ী হৈ অহাৰ অভিযোগ দুগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে ৰাইজৰ।
লাহৰীঘাট সমষ্টিৰ ১ নং আৰু ১০ নং ৱাৰ্ডৰ লেংৰিবৰী গাওঁ পঞ্চায়তৰ সদস্যা পদৰ প্ৰাৰ্থী মাজেদা খাতুন আৰু মাছুমা ফেৰদুছিৰ বিৰুদ্ধে এজাহাৰ দাখিল ।
পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হবলৈ টকাৰ বলত ভুৱা ডিগ্ৰী লৈছে বহিঃ ৰাজ্যৰ পৰা।
দুগৰাকী পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী । নাম মাজেদা খাতুঁন আৰু মাছুমা ফেৰদুছি। দুয়োগৰাকীয়ে নৱম আৰু দশম শ্ৰেনীত অধ্যয়ন নকৰাকৈ বহিৰাগত এটা শিক্ষা প্ৰতিষ্ঠান Delhi State Open School ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দেখুৱাই HSLC পৰীক্ষাত।ABCD টো দূৰৈ কথা ক খ নেজানে এই দুয়ো গৰাকী প্ৰাৰ্থীয়ে। এক মাত্ৰ ধনৰ বিনিময়ত এনে ভুৱা শিক্ষাগত অৰ্হতা লোৱাৰ অভিযোগ ৰাইজৰ। ধনৰ বলত ক্ষমতাৰ খকত এনে ভুৱা শিক্ষাগত অৰ্হতা জমা দি নিৰ্বাচনত জয়ী হৈ এনে প্ৰাৰ্থীয়ে পঞ্চায়ৰ কি উন্নয়ণ কৰিব সেয়া হয়টো ৰাইজে বুজি পাইছে। সেয়ে এনে ভুৱা শিক্ষাগত অৰ্হতাৰে নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰাইজে।এই সন্দর্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে সেয়া হব সময়ত লক্ষ্যণীয় ।