
মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লেখাপানীৰ তিনিমাইলত শুক্ৰবাৰে সন্ধিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থাই অধিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে । আদিবাসী জনগোষ্ঠীৰ সকলৰ প্ৰতি অৱদান আগবঢ়োৱা প্ৰদীপ নাগৰ মৃত্যুত শোক প্ৰকাশ কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা লগতে প্ৰয়াত প্ৰদীপ নাগৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে টিৰাপ জাগুন উপ শাখা সমিতি চাহ জনজাতি ছাত্ৰ সন্থাই ।