
ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত চুমি বৰাৰ জামিন মঞ্জুৰ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে চুমি বৰাক জামিন প্ৰদান কৰে। বিশাল ফুকন আৰু তাৰ্কিক বৰাইও ইতিমধ্যে জামিন লাভ কৰিছে।
ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত চুমি বৰাৰ জামিন মঞ্জুৰ।
ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ গোচৰত জামিন লাভ চুমি বৰাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে চুমি বৰাক।
বিগত বৰ্ষৰ ১২ ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰাক।
ট্ৰেডিং গোচৰৰ আটাইকেইটাতে জামিন লাভ চুমি বৰাৰ। অচিৰেই মুকলি আকাশৰ তললৈ আহিব চুমি বৰা।
ইতিমধ্যে ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাই লাভ কৰিছে জামিন। এইবৰ্ষৰ ৩মে’ত মুকলি আকাশৰ তললৈ আহিছিল বিশাল ফুকন।