কঠোৰ আৰক্ষী: আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ পদ সঞ্চালন
গণবাৰ্তা বিশেষ, যোৰহাট, ১২ জুলাই : যোৰহাটত অতি ভয়াবহ ভাৱে বৃদ্ধি পাই আছে কভিড পজিটিভৰ সংখ্যা| ৰাজ্যৰ ৭ খন জিলাৰ লগতে যোৰহাটতো সম্পূৰ্ণ লকডাউন ঘোষনা কৰা পিছতো একমাত্ৰ জিলা প্ৰশাসন আৰু জিলা আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ লগতে একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবে লকডাউন অস্তিত্বহীন হৈ পৰে যোৰহাটত| যাৰ পৰিপ্ৰেক্ষিতত বিগত তিনিটা দিনত কভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে জিলা খনত| দেওবাৰে দিনটোত ৰাজ্যৰ ভিতৰতে জিলা খনত সৰ্বাধিক কভিড পজিটিভ চিনাক্ত হয়| কভিডৰ সংক্ৰমন ৰোধৰ বাবে জিলা প্ৰশাসনে সম্প্ৰতি বাধ্য হৈ পৰিছে কঠোৰ স্থিতি গ্ৰহনৰ বাবে| শনিবাৰে নিৰ্মল চাৰিআলিৰ মেলা সদৃশ পৰিৱেশৰ পিছতে কেৱল সোম বুধ শুক্ৰবাৰে পাইকাৰী গেলামালৰ দোকান সমূহ খুলিব পাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছিল যদিও নিশালৈ নিৰ্দশনাৰ সংশোধনী ঘটাই কেৱল বুধ আৰু শুক্ৰবাৰে খোলাৰ নিৰ্দেশ দিয়ে| আনহাতে কালি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ এক জৰুৰী সভা অনুস্থিত হয় আৰু আজিৰ পৰা ৪৮ ঘন্টা যোৰহাটৰ সকলো দোকান পোহাৰ বন্ধৰ নিৰ্দেশ দিয়ে| আজি পুৱাৰে পৰা যোৰহাটৰ ৰাজপথত অতিৰিক্ত উপায়ুক্ত, আৰক্ষী অধীক্ষক সকলো নামি পৰা পৰিলক্ষিত হয়| পুৱা আৰু বিয়লি নিয়মীয়াকৈ আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহনীয়ে চহৰৰ মাজত পদ সঞ্চালন কৰে| চহৰৰ মাজত প্ৰতিখন গাড়ী মটৰচাইকেলৰ লগতে চাইকেল আৰোহী আৰু পথাচাৰীকো তন্ন তন্নকৈ পৰীক্ষা কৰা পৰিলক্ষিত হয় আৰক্ষী আৰু দণ্ডাধীশে| ইফালে সম্প্ৰতি যি হাৰত কভিড পজিটিভ সংখ্যা বৃদ্ধি পাই আছে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনত লকডাউনৰ সময় বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে| সাধাৰণ ৰাইজৰ প্ৰতি জিলা প্ৰশাসনে বাৰম্বাৰ লকডাউনৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাইছিল যদিও একাংশ বিবেকহীন ব্যক্তিয়ে সকলো নীতি নিয়ম ভৰিৰে মোহাৰি পেলোৱাৰ বাবে কভিড নিয়ন্ত্ৰনত ব্যৰ্থ হৈছে প্ৰশাসন|